বিহালি, সংবাদ ৩৬৫, ৩১ আগষ্ট: বিশ্বনাথৰ বিহালিৰ বটিয়ামৰিত শুক্ৰবাৰে দিনৰ ১২ মান বজাত এটা হাতী পোৱালি উদ্ধাৰ হয়। স্থানীয় ৰাইজে জানিব দিয়া মতে বৃহস্পতিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এজাক বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহি বটিয়ামৰিৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি বহু লোকৰ ঘৰ দুৱাৰ ভাঙি ক্ষতিগ্ৰস্ত কৰাৰ লগতে বাৰীৰ শাক পাঁচলিও খাই তহিলং কৰে বনৰীয়া হাতীৰ জাকটোৱে। পাছত হাতীৰ জাকটোৱে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উভতি যায়। ৰাইজে জানিবলৈ দিয়া মতে হাতী জাকটোৰ লগত পোৱালি আহিছিল যদিও হাতী জাকটোৱে পোৱালিটো এৰি গুছি যায়। পাছত শুক্ৰবাৰে হাতী পোৱালীটো স্থানীয় ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।