ধুবুৰী, সংবাদ ৩৬৫, ২২ জুলাইঃ ৰাজ্য চৰকাৰৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ দুৰৱস্থা। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আমোল পৰিৱৰ্তন হোৱা বুলি পৰিৱৰ্তনকামী চৰকাৰখনে দাবী কৰি থকাৰ সময়তে কোনো ধৰণৰ উন্নত মানৰ যাতায়ত ব্যৱস্থা বা বহিঃবিশ্বৰ সৈতে যোগাযোগৰ সুবিধা নথকা ভাৰত বাংলা সীমান্তৱৰ্তী এলেকাৰ বহু ৰোগী জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈ মৃত্যুমুখত পৰিব লগীয়া হৈছে। উল্লেখযোগ্য যে, ২০১২ চনত ধুবুৰী- দক্ষিণ শালমাৰা সীমান্তবাসী ৰাইজৰ সুবিধাৰ্থে এখন ১০৮ নাওঁ এম্বুলেঞ্চ সেৱা আৰম্ভ কৰা হয় যদিওঁ কিছুদিন পিছতেই বন্ধ হৈ পৰে এই সেৱা। ইপিনে সুদীৰ্ঘ দিন পিছত পুনৰ ২০১৭ চনত নতুনকৈ আন এখন ১০৮ নাওঁ এম্বুলেঞ্চ যোগান ধৰা হয় ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ সীমান্তৱৰ্তী ৰাইজৰ বাবে। কিন্তু কেইদিনমান নামমাত্ৰ ৰোগী অনা নিয়া কৰাৰ পিছত সেইখন সেৱাওঁ বন্ধ হৈ পৰে। তাৰ পিছত চলিত বৰ্ষত পুনৰ আন এখন নতুন ১০৮ নাওঁ এম্বুলেঞ্চৰ জৰিয়তে এই সেৱা আৰম্ভ কৰা হয় যদিওঁ সেই সেৱাওঁ ক্ষন্তেকীয়া। মাত্ৰ কেইদিন মান ৰোগী অনা নিয়া কৰাৰ পাছত সম্প্ৰতি ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থান কৰিছে দুখনকৈ ১০৮ এম্বুলেঞ্চ। জানিব পৰামতে দুয়োখন এম্বুলেঞ্চ সম্প্ৰতি বিকল হৈ পৰি আছে। মুঠৰ ওপৰত ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ সীমান্তৱৰ্তী ৰাইজৰ সৈতে জৰুৰীকালীন সেৱাৰ নামত চৰম প্ৰতাৰণা কৰি আহিছে ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই।