মিৰ্জা, সংবাদ ৩৬৫, ২২ জুলাইঃ মিৰ্জাৰ বৰিহাটৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত গ্ৰাহকক জোখতকৈ কমকৈ তেল দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাৰ। জানিব পৰা মতে এজন যুৱকে ডিপোত ৮০ টকাৰ তেল ভৰোৱাত ১ লিটাৰতকৈ বহু কমকৈ তেল পায় যাৰ ফলত তেওঁ স্থানীয় লোকক এই ঘটনা সৰ্ন্দভত অৱগত কৰাই আৰু স্থানীয় লোকে ডিপোত উপস্থিত হয় পৰিস্থিতি উতপ্ত কৰি তোলে । পিছত ঘটনাস্থলীত পলাশবাৰীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । স্থানীয় ৰাইজ আৰু আৰক্ষীৰ উপস্থিতিত ডিপোৰ পৰা পুনৰ ৭৭টকাৰ তেল ক্ৰয় কৰাত ১লিটাৰৰ বটলটো ভৰ্তি হৈ যায় । ৰাইজে ডিপোটোত কি কাৰণত প্ৰয়োজনতকৈ কমকৈ তেল দিয়ে এই সৰ্ন্দভত উচিত তদন্ত কৰি ডিপোটোৰ বিৰূদ্ধে বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে । আৰক্ষীয়ে অভিযোগকাৰী যুৱক আৰু তেওঁ ব্যৱহাৰ কৰা গাড়ীখন অধিক তদন্তৰ বাবে থানালৈ লৈ যায় । দীৰ্ঘদিন ধৰি বৰিহাটৰ এই ডিপোতোৱে ৰাইজক ৰামঠগান দি আহিছে বুলি ৰাইজে অভিযোগ কৰে।