নগাঁও : নগাঁও আৰক্ষীৰ গুলী চালনা। পুনৰ এজন অপৰাধীক লক্ষ্য কৰি নগাঁও আৰক্ষীৰ গুলী চালনা। নগাঁও আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ সৰবৰাহকাৰী মহিদুল ইছলাম। আৰক্ষীক দাৰে আক্ৰমণ কৰি পলায়নৰ চেষ্টা চিলাইছল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মইদুল ইছলাম। এজন আৰক্ষীৰ লোক অহাত দাৰ আক্ৰমণত। 

শুকুৰবাৰে নিশা পুনৰ ৰাজ্যত সংঘটিত হৈছে আৰক্ষীৰ দ্বাৰা এক গুলী চালনাৰ ঘটনা। নগাঁও জিলাৰ জুৰীয়াত আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়। মইদুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীক দাৰে আক্ৰমণ কৰি পলায়ন কৰিবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক লক্ষ্য কৰি গুলী চালনা কৰে।

জানিব পৰা মতে শুকুৰবাৰে নগাঁও আৰক্ষীয়ে ৰহাত এক ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ মইদুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। অধিক তথ্যৰ বাবে নিশাৰ ভাগত আৰক্ষীয়ে মইদুল ইছলামক লগত লৈ জুৰীয়াত অভিযান চলাবলৈ গৈছিল। অভিযানকালত মইদুল ইছলামে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলায়।

অৱশেষত আৰক্ষী বাধ্য হৈ ড্ৰাগছ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মইদুল ইছলামক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ সৰবৰাহকাৰী মইদুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। মইদুল ইছলামৰ দাৰ ঘপত এজন আৰক্ষীৰ লোকো আহত হোৱা বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী মইদুল ইছলামৰ ঘৰ জুৰীয়াৰ কদমণি পথাৰ গাঁৱত।