যোৰাবাট : শুকুৰবাৰে নিশা যোৰাবাটৰ ১৫ মাইলত ভয়ংকৰ অগ্নিকাণ্ড। প্লাষ্টিকৰ বস্তা প্ৰস্তুত কৰা এটা প্ৰতিষ্ঠানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে দীর্ঘ সময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰে।

শুকুৰবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীৰ কাষৰীয়া যোৰাবাটৰ ১৫ মাইলত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰে। জানিব পৰা মতে ১৫ মাইলৰ শিৱ প’লিমাৰ নামৰ প্লাষ্টিৰক বস্তা প্ৰস্তুত কৰা এটা প্ৰতিষ্ঠানত নিশাৰ ভাগত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

জুইৰ লেলিহান শিখাই প্লাষ্টিকৰ বস্তা প্ৰস্তুত কৰা শিৱ প’লিমাৰ নামৰ প্ৰতিষ্ঠানটো আৱৰি ধৰাত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইবা শ বাহন আৱদ্ধ হৈ পৰে। ফলত তীব্ৰ যানযঁতৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত।

অগ্নিকাণ্ডৰ সময়ত প্ৰতিষ্ঠানটোৰ ভিতৰত থকা কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ কেইবা ঘণ্টা সময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি ভস্মীভূত হয়।