গৰৈমাৰী : ৰাইজে খেদি খেদি আটক কৰিলে দুজন চাইকেল চোৰক। গৰৈমাৰীৰ জোৰশিমুলীত ৰাইজে খেদি খেদি আটক কৰিলে দুজন চাইকেল চোৰক। চোৰে নিজ মুখে স্বীকাৰ কৰিলে চাইকেল চুৰ কৰাৰ কথা। চাইকেল চোৰ দুজন ড্ৰাগছ আসক্ত বুলি জানিবলৈ দিয়া ৰাইজে।

দক্ষিণ কামৰূপৰ গৰৈমাৰী, জোৰশিমুল, সোণতলী অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ৷ দক্ষিণ কামৰূপ উক্ত অঞ্চল কেইটাত প্ৰায়ে সংঘটিত হৈ আছে চুৰিকাণ্ডৰ ঘটনা। নিশাৰ আন্ধাৰতেই নহয়, দিনত পোহৰতে চোৰে সফলতাৰে চলাই যায় চাফাই অভিযান।

পুনৰ দিন দুপৰতে চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড৷ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত কালাতলীৰ দাসপাৰাত দিনৰ পোহৰতে চকুৰ সন্মুখৰ পৰা চোৰে এখন চাইকেল চুৰি কৰি নিয়ে। অৱশ্যে ৰাইজে খেদি খেদি চাইকেল চোৰ দুজনক আটক কৰি আৰক্ষীক গতাই দিয়ে।

চাইকেল চুৰি কৰি লৈ যোৱাৰ সময়তে ৰাইজে খেদি খেদি আটক কৰে আনোৱাৰ হুছেইন আৰু মনিৰুল হক নামৰ চোৰ দুজনক। ৰাইজে চোৰ দুজনক উত্তম-মাধ্যম সোধাই জোৰশিমুলী আৰক্ষীক গতাই দিয়ে। চোৰ দুজন ড্ৰাগছ আসক্ত বুলি ৰাইজে জানিবলৈ দিয়ে। চাইকেল চুৰি কৰাৰ কথা স্বীকাৰ কৰে চোৰ দুজনে।