কুন্দন ভৰালী

নগাঁও

১৬ ছেপ্টেম্বৰ

নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চি আই ডি বিষয়াক। নগাঁৱৰ পৰা দুখন বাহন ভাড়ালৈ নি গোপনে বিক্ৰী কৰিলে চি আই ডি বিষয়া গৰাকীয়ে। নগাঁও সদৰ থানাত চি আই ডি বিষয়া গৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ।

অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও চহৰ। নিচাজাতীয় সমগ্ৰীৰ বেহাৰ পৰা আৰম্ভ কৰি চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ নগাঁও জিলাৰ বিভিন্ন অঞ্চলত নিতৌ সংঘটিত হৈ থকা ঘটনা। আৰক্ষীয়ে জিলাখনত সংঘটিত হৈ থকা অপৰাধ নিয়ন্ত্ৰণৰ বাবে দিনে-নিশাই সষ্টম হৈ থকাৰ পিছতো অপৰাধীয়ে নগাঁৱৰ বিভিন্ন অঞ্চলত চলাই গৈছে অপৰাধমূলক কাৰ্যকলাপ। এইবাৰ নিজকে এগৰাকী চি আই ডি বিষয়া বুলি চিনাকি দি নগাঁৱৰ দুগৰাকী ব্যক্তিৰ পৰা চুক্তিত দুখন বাহন ভাড়ালৈ নি গোপনে বিক্ৰী কৰিলে এজন প্ৰৱঞ্চকে। ভুৱা চি আই ডি বিষয়া চিতৰঞ্জন বৰকাকতীয়ে কেইমাহমানৰ পূৰ্বে ৰাজীৱ দাস আৰু অভিজিত বৰদলৈৰ পৰা বিভাগীয় কামত ব্যৱহাৰ কৰাৰ কথা কৈ দুখন বাহন চুক্তি কৰি ভাড়ালৈ লৈছিল। বাহন ভাড়ালৈ দিয়া ব্যক্তি দুগৰাকীয়ে বাহনৰ বাবদ দিব লগীয়া ধন পৰিশোধ নকৰা প্ৰৱঞ্চক চিতৰঞ্জন বৰকাকতীক ফোন কৰে যদিও প্ৰৱঞ্চক চিতৰঞ্জন বৰকাকতীয়ে ফোন নধৰাত বাহন ভাড়ালৈ দিয়া ব্যক্তি দুগৰাকীৰ সন্দেহ হয়। অৱশেষত ভুক্তভোগী দুগৰাকী ব্যক্তিয়ে নগাঁও জিলাৰ বেবেজিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি এটা গোচৰ ৰুজু কৰে।আৰক্ষীয়ে এজাহৰৰ ভিত্তিত ভুৱা চি আই ডি বিষয়া চিতৰঞ্জন বৰকাকতীক বিচাৰি অনুসন্ধান আৰম্ভ কৰে আৰু শনিবাৰে নিশা আৰক্ষীয়ে নগাঁও চহৰৰ পৰাই প্ৰবঞ্চকৰূপী ভুৱা চি আই ডি বিষয়া চিতৰঞ্জন বৰকাকতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান নগাঁও সদৰ থানাত ভুৱা চি আই ডি বিষয়া চিতৰঞ্জন বৰকাকতীক আৰক্ষীয়ে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে। আনহাতে চুক্তি কৰি ভাড়ালৈ নিয়া বাহন দুখনৰ এখন কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হোৱাৰ বাবে সোণাপুৰ আৰক্ষীয়ে জব্দ কৰাৰ বিপৰীতে আনখন বাহন চিতৰঞ্জন বৰকাকতীয়ে ডিমাপুৰত বিক্ৰী কৰিছে বুলি জানিব পৰা গৈছে।