গুৱাহাটী

১৬ ছেপ্টেম্বৰ

প্ৰাপ্যৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ। গোৱালপাৰাৰ শিমলীতোলাৰ শশী কুমাৰ চাহ বাগিচাৰ প্ৰায় ছয় শতাধিক শ্ৰমিকে দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।

গোৱালপাৰা জিলাৰ শিমলীতোলাৰ শশী কুমাৰ চাহ বাগিচাত বুধবাৰে পুৱাই চাহ শ্ৰমিক সকল সাব্যস্ত কৰে প্ৰতিবাদ। বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় ছয় শতাধিক শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি শ্ৰমিক সকলে দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায়। প্ৰতিবাদস্থলীৰ পৰা শ্ৰমিক সকলে যুগ যুগ ধৰি বাগিচাৰ শ্ৰমিক সকলক বঞ্চনা কৰি অহা কথাটো এতিয়া আৰু সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে। নিম্ন মজুৰি লাভ কৰাৰ বাবেই ৰাজ্যৰ বিভিন্ন বাগিচাৰ লগতে শিমলীতোলা শশী কুমাৰ চাহ বাগিচাৰ শ্ৰমিকৰ আৰ্থিক অৱস্থা অধিক শোচনীয় হৈ পৰিছে। চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ দিনপাত নচলা অৱস্থাৰ সৃষ্টি হৈছে।

ইফালে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে অসম চাহ মজদুৰ সংঘৰ আহ্বানত গোসাইগাঁৱৰ মৰনৈ বাগিচাতো মজুৰি বৃদ্ধিৰ দাবীত শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বাগিচাখনত কৰ্মৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিবলৈ বহু বছৰ ধৰি শ্ৰমিক সকলে মালিক পক্ষ তথা চৰকাৰক দাবী জনাই আহিছে যদিও শ্ৰমিকৰ উক্ত দাবীৰ প্ৰতি মালিক পক্ষ আৰু ৰাজ্য চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ ফলত মৰনৈ বাগিচাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি বৰ্তমানৰ ১৬৭ টকাৰ পৰা ৩৫১ টকা লৈ শ্ৰমিকৰ মুজুৰি বৃদ্ধিৰ দাবী জনায়। প্ৰতিবাদস্থলীত শ্ৰমিক সকলে বিজেপি চৰকাৰ হায়, হায়, মালিক পক্ষ হায় হায়, মালিক পক্ষ মিছলীয়া, আমাৰ দৰমহা বৃদ্ধি কৰক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি নকৰিলে ২০২১ ৰ বিধানসভা নিৰ্বাচনত অসম চাহ মজদুৰ সংঘই বিজেপিক উচিত জৱাব দিব বুলি সংঘৰ নেতৃবৃন্দই প্ৰতিবাদস্থলীৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰক সকীয়ানি প্ৰদান কৰে।