আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৬ ছেপ্টেম্বৰ

শিৱসাগৰ সদৰ থানাত সত্যৰঞ্জন বৰা আৰু গীত কামৰূপা উপস্থিত হোৱাক লৈ তীব্ৰ উত্তেজনা৷ থানাৰ সন্মুখত কেইবা শতাধিক লোকৰ প্ৰতিবাদ৷ আৰক্ষী বনাম প্ৰতিবাদকাৰীৰ মাজত হতাহতি৷ সাংবাদিককো আক্ৰমণ। আৰক্ষীৰ কনভয়ৰ মাজেৰে চিটৰ তলত লুকাই শিৱসাগৰৰ পৰা পলায়ণ সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাৰ।

বহু বিতৰ্কীত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা আৰু গীত কামৰূপা শিৱসাগৰ সদৰ আৰক্ষী থানাত উপস্থিত হোৱাকলৈ বুধবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় চহৰখনত৷ শিৱসাগৰৰ সাতামপুৰুষীয়া ঐক্য সম্প্ৰীটি বিনষ্ট কৰাৰ অভিযোগত সত্যৰঞ্জন বৰাৰ লগতে গীত কামৰূপাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ৰুজু হৈ আছিল ২৪ টাতকৈও অধিক গোচৰ৷ গোচৰৰ পৰিপ্ৰেক্ষিত্বত শিৱসাগৰ সদৰ থানাত উপস্থিত হোৱা নেতাদ্বয়ক লৈয়ে উত্তাল হৈ পৰে সমগ্ৰ শিৱসাগৰ৷ সত্যৰঞ্জন বৰা আৰু গীত কামৰূপা শিৱসাগৰ সদৰ থানাত উপস্থিত হোৱাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাৰ পিছতেই কেইবা শতাধিক ৰাইজ ওলাই আহি সদৰ থানাৰ সন্মুখত উপস্থিত হৈ ভিৰ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে সত্যৰঞ্জন বৰা মুৰ্দাবাদ, গীত কামৰূপা মুৰ্দাবাদ, অসম পুলিচ গ’ বেক, বিজেপি হায়, হায়, ধ্বনিৰে উত্তাল কৰি তুলে শিৱসাগৰ সদৰ থানাৰ সন্মুখৰ পৰিৱেশ৷

ইফালে গোচৰৰ বাবে থানাত উপস্থিত হোৱা দুই বিতৰ্কীত নেতাক সদৰ আৰক্ষী থানাত সোধা পোচাৰ নামত ৰাজআতিথ্য প্ৰদান কৰাৰ অভিযোগত প্ৰতিবাদকাৰী সকল অধিক ক্ষোভিত হৈ প্ৰতিবাদ আৰু অধিক উত্তাল কৰি তোলাত শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে৷ আৰক্ষীৰ দলটোৱে প্ৰতিবাদকাৰী সকলক বল প্ৰয়োগেৰে ঠেলা-হেচা কৰাৰ লগতে সাংবাদিককো আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ঘটনাস্থলীত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সদৰ থানাত উপস্থিত হয় আৰক্ষী অধীক্ষকৰ লগতে দণ্ডাধীশসহ এটা অসামৰিক প্ৰশাসনৰ এটা দল৷ ইফালে নাচোৰবান্দা ৰাইজে দুই বিতৰ্কীত নেতাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত শিৱসাগৰ সদৰ থানাৰ পদুলীৰ পৰা আতৰি নোযোৱাৰ হুংকাৰ প্ৰদাণ কৰি শিৱসাগৰৰ যৌথ সংগ্ৰামী মঞ্চৰ নেতৃত্বত প্ৰতিবাদকাৰী ৰাইজ দুটা ভাগত বিভক্ত হৈ শিৱসাগৰ সদৰ থানাৰ সন্মুখত অৱৰোধ কাৰ্যসূচী আৰম্ভ কৰে৷ দীৰ্ঘ সময় ধৰি আৰক্ষী বনাম প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ চলি থকাৰ মাজতেই আৰক্ষীৰ বিশাল নিৰাপত্তা বেষ্টনীৰ মাজেৰে সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাই থানা চৌহদৰ পৰা প্ৰস্থানৰ চেষ্টা চলাওতেই পৰিস্থিতি ভয়াবহ হৈ পৰে৷

উত্তপ্ত পৰিস্থিতিৰ মাজতেই আৰক্ষীৰ কনভয়ৰ দুখন পৃথক গাড়ীত চিটৰ তলত লুকাই সত্যৰঞ্জন বৰা আৰু গীত কামৰূপা শিৱসাগৰৰ পৰা পলায়ণ কৰা বুলি জানিব পৰা গৈছে৷ শিৱসাগৰৰ দল-সংগঠনৰ কোনো দাবী নমনাকৈ শিৱসাগৰ আৰক্ষীয়ে জনতাক ভাবুকী প্ৰদান কৰি কঠোৰ নিৰপত্তা বেষ্টনীৰ মাজৰে সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাক পলুৱাই পঠিওৱাৰ ঘটনাই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে শিৱসাগৰ আৰক্ষীৰ ভূমিকা সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাৰ পক্ষত বুলি মুকলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ৰাইজে৷