কুন্দন ভৰালী

নগাঁও

১৯ ফেব্ৰুৱাৰী

নগাঁৱত কংগ্ৰেছৰ গণসংযোগ অভিযান। “ক”‘ৰ বিৰোধিতা নগঞা সাহিত্যিক-শিক্ষাবিদৰ। ৰকিবুল হুছেইনৰ নেতৃত্বত ‘অসম বচাওঁ আহক’ শীৰ্ষক কাৰ্যসূচী। “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰসমাজ আৰু নাগৰিকৰ।

“কা”ৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰিলে কেইবাগৰাকীও নগঞা শিক্ষাবিদ-সাহিত্যিকে। শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ ”অসম বচাওঁ আহক’ শীৰ্ষক কাৰ্যসূচীৰ অংশৰূপে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ নেতৃত্বত নগাঁৱত আৰম্ভ কৰা হয় গণসংযোগ অভিযান। এই অভিযানকালত কেইবাগৰাকী নগঞা সাহিত্যিক-শিক্ষাবিদে “কা”ৰ বিৰোধিতা কৰি সাম্প্ৰদায়িকমুক্ত অসম গঢ়াৰ আহ্বান জনায়। প্ৰথমে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাসহিতে এটা সজাতি দলে নগাঁৱৰ বিশিষ্ট সাহিত্যিক ড৹ খৰ্গেশ্বৰ ভূঞাক সাক্ষাৎ কৰি “কা” সন্দৰ্ভত তেখেতৰ মতামত গ্ৰহণ কৰি গামোচাত স্বাক্ষৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে নগাঁৱৰ বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিৰ বাসগৃহলৈ গৈ “কা” সন্দৰ্ভত তেখেতৰ মতামত গ্ৰহণ কৰে কংগ্ৰেছৰ দলটোৱে। এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ সাক্ষাৎৰ পিছতেই বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া আৰু বিশিষ্ট শিক্ষাবিদ মুকুল শইকীয়াকো সাক্ষাৎ কৰি কংগ্ৰেছৰ দলটোৱে “কা” সন্দৰ্ভত তেওঁলোকৰ মতামত আৰু স্বাক্ষৰ গ্ৰহণ কৰে।

ৰকিবুল হুছেইনৰ নেতৃত্বৰ এই সাক্ষাৎকালত আটাইকেইগৰাকী সমাজ বৰেণ্য ব্যক্তিয়েই “কা” বিৰোধিতা কৰি নিজস্ব মতামত দাঙি ধৰে। ইফালে নগাঁও কলেজ চ’কতো সুদীৰ্ঘ গামোচা প্ৰদৰ্শন কৰি সেই গামোচাত সচেতন ৰাইজৰ স্বাক্ষৰ গ্ৰহণ কৰি “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসমাজ আৰু নাগৰিকে।