কুন্দন ভৰালী

নগাঁও

১৯ ফেব্ৰুৱাৰী

২৫ দিন অতিক্ৰম কৰিলে নগাঁৱৰ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ আন্দোলন। ২৫ দিনে প্ৰতিবাদী কৃষকৰ ওচৰত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক। মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষি ভূমিক লৈ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৃষক সভাৰ।

নগাঁৱৰ মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী খতিয়ানপ্ৰাপ্ত বৃহৎ কৃষিভূমিৰ পৰা কৃষকক উচ্ছেদ কৰি ব্যক্তিগত কোম্পানীয়ে চলোৱা সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ ককাৰ্যৰ বিৰুদ্ধে অব্যাহত আছে কৃষকৰ আন্দোলন। সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ কৰি কৃষি ভূমি কৃষকক উভতাই দিয়াৰ দাবীত বিগত ২৬ জানুৱাৰীৰ পৰা অবিৰত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকে। ২৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰা বিক্ষোভ কাৰ্যসূচী শুকুৰবাৰে অতিক্ৰম কৰিলে ২৫ দিন। বিগত ২৫ দিনে অবিৰত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা এইসকল কৃষকৰ ওচৰত আজিও উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক। যাৰ বাবে এতিয়া অধিক ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল।

ইফালে কেন্দ্ৰ চৰকাৰৰ তিনিখন কৃষি বিলৰ বিৰুদ্ধে দেশৰ কৃষক সমাজ প্ৰতিবাদত আনফালে কৃষি ভূমিৰ দাবীত নগাঁৱৰ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষক সকলৰ আন্দোলন। কৃষকৰ এই প্ৰতিবাদী কাৰ্যসূচীক সমৰ্থন জনাই মিকিৰ বামুনী গ্ৰাণ্টৰ বৃহৎ কৃষি ভূমিক লৈ এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল বৰাই।