নগাঁৱৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ১৬ মাৰ্চ: নগাঁও জিলাৰ কামপুৰৰ কাকতিগাঁৱত সংঘটিত হৈছে এক জঘণ্য কাণ্ড। এহাল দাম্পতিক ৰেলৰ পৰা কৌশলৰে নমাই আনি স্বামীৰ হাত ভৰি বান্ধি স্বামীৰ সন্মুখতে পত্নিক দলবদ্ধ ধৰ্ষণ কৰিলে এক ৯ জনীয়া দুৰ্বৃত্তৰ দলে। কাকতিগাঁৱৰ কপিলী নদীৰ পাৰত দুৰ্বৃত্তৰ দলটোৱে স্বামীৰ সন্মুখতে মহিলা গৰাকীক উৰে নিশা দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে দলটোৱে দাম্পতি হালৰ পৰা ২০,০০০ টকা কাঢ়ি লৈ যায়। দুৰ্ভগীয়া দাম্পতি হালে কৌশলে পুৱতি নিশা দুৰ্বৃত্তৰ কবলৰ পৰা পলায়ন কৰি চাপৰমুখ ৰেল ষ্টেচনত উপস্থিত হৈ চাপৰমুখ টেম্প সন্থাক সমগ্ৰ ঘটনা অবগত কৰে। চাপৰমুখ টেম্প সন্থাই দাম্পতি হালক কামপুৰ থানালৈ লৈ আহি এজাহাৰ দাখিল কৰে। উল্লেখ্য যে, মঙলদৈৰ হাছমত আলী নামৰ লোকজন পত্নিৰ সৈতে হোজাই জিলাৰ যোগীজানৰ শহুৰেকৰ ঘৰলৈ ৰেলেৰে যাত্ৰা কৰি থাকোতে জাগীৰোডত নগাঁও জিলাৰ কাকতিগাঁৱৰ মৰজদ আলী নামৰ এজন যুৱকৰ সৈতে চিনাকি হৈছিল। নিশা ৰেলখন চাপৰমুখ জংচন পোৱাত মৰজদ আলীয়ে কৌশলৰে কাকতিগাঁৱত ধৰ্মীয় সভা চলি থকা বুলি কৈ দাম্পতি হালক চাপৰমুখ জংচনত ৰেলৰ পৰা নমাই কাকতিগাঁৱলৈ লৈ যায় আৰু পিছত কাকতিগাঁৱত কপিলী নদীৰ পাৰত পূৰ্বৰ পৰা ৰৈ থকা ৮ জনীয়া সহযোগীৰ সৈতে মৰজদ আলীয়ে মহিলা গৰাকীক ধর্ষণ কৰে।