ধুবুৰী, সংবাদ ৩৬৫, ৬ জুনঃ পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ধুবুৰী জিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা কংগ্ৰেছৰ কৰ্মী সকলে ম’হৰ গাড়ীত মটৰ চাইকেল উঠাই আৰু ৰাজপথৰ ওপৰত চৌকা জ্বলাই কেন্দ্ৰৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰী ৰাজীৱ ভৱনৰ পৰা জিলা কংগ্ৰেছৰ কৰ্মী সকলে ম’হৰ গাড়ীত মটৰ চাইকেল উঠাই প্ৰতিবাদ কৰাৰ লগতে মহিলা কংগ্ৰেছে পথৰ ওপৰত চৌকা জ্বলাই বৃহৎ প্ৰতিবাদী সমদল উলিয়াই। ধুবুৰী জিলা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ধুবুৰী জিলা কংগ্ৰেছৰ তত্বাৱধায়ক অপূৰ্ব ভট্টাচাৰ্য্য, জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী, প্ৰাক্তন মন্ত্ৰী মহিবুল হক, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমৰ লগতে শতাধিক দলীয় কৰ্মীয়ে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। মূল্যবৃদ্ধি বিৰোধী সমদল উলিয়াই ধুবুৰী জিলা কংগ্ৰেছে জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি দেশৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালক জিলা উয়পায়ুক্তৰ জড়িয়তে স্মাৰকপত্ৰ প্ৰদান কৰে।