তামুলপুৰ, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: ৰাজ্যত ধাৰাবাহিক ৰূপ লৈছে অবৈধ বেহাৰ। দৈনিক অবৈধ বেহাই গা কৰি উঠিছে ৰাজ্যত। বুধবাৰেও বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ বতিয়মাৰীত অবৈধ কাঠফলা মিল জব্দ হয়। জানিব পৰামতে বুধবাৰে পুৱা বতিয়মাৰীত বন বিভাগে এছ এছ বিৰ সহযোগত এক অভিযান চলাই এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে মিল আৰু বহু পৰিমাণৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি বুধবাৰে পুৱাৰ ভাগত এছ এছ বি আৰু বন বিভাগে বতিয়ামাৰীত এই অভিযান চলায়ই কাঠমিল সহ বৃহত পৰিমাণৰ কাঠ জব্দ কৰে। বন বিভাগৰ এই গোপন অভিযানৰ উমান পাই মিলৰ কৰ্মচাৰী পলায়ন কৰে। মিলটোৰ পৰা ২লক্ষাধিক টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। মাজে সময়ে বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় বন্ধ হোৱা নাই। অৱশ্যে এই ক্ষেত্ৰত বন বিভাগে অধিক কঠোৰ হোৱা দেখা গৈছে। এতিয়া প্ৰশ্ন হয় যে সততে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই তেওঁৰ বিভাগটোৰ নিকাৰ কথা কৈ থকা সময়তে কিয় এনেকুৱা দৈনিক অবৈধ বেহাই ৰাজ্যত ধাৰাবাহিক ৰূপ লৈছে?