মিৰ্জা, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ অব্যাহত আছে। সৰ্বত্তে কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । শুকুৰবাৰে মিৰ্জাত আছুৰ সহযোগত এক জোঁৰ সমদল উলিৱাই মিৰ্জাৰ শ্বহীদ ভৱনৰ পৰা দক্ষিণ কামৰূপলৈ এক প্ৰতিবাদী জোঁৰ সমদল উলিওৱা হয়। এই প্ৰতিবাদী সমদলত প্ৰায় শতাধিক লোকে অংশগ্ৰহন কৰে । এই প্ৰতিবাদী সমদলত “অসম চৰকাৰ হায় হায়”,”নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক” আদি শ্লোগানেৰে উত্তাল কৰে মিৰ্জা।