খাৰুপেটীয়া, সংবাদ ৩৬৫, ১৫ জানুৱাৰী: ভোগালী বিহুৰ প্রথম দিনাই ভোগালীৰ আনন্দ ত্যাগ কৰি ৰাজপথলৈ ওলাই আহিল শতাধিক জনতাই। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে শতাধিক জনতাই প্ৰতিবাদ সাব্যস্ত কৰে দৰঙৰ খাৰুপেটীয়াত। নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিলৰ দাবীত খাৰুপেটীয়া থানাৰ অন্তৰ্গত নেপালী বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতি নেতৃবৰ্গৰ লগতে শতাধিক ৰাইজে এক প্ৰতিবাদী সমদল ওলিয়াই অসম চৰকাৰ হায় হায়,আৰ,এছ,এছৰ দাদাগিৰি নচলিব,নৰেন্দ্র মোদী হায় হায়,বিজেপি গ বেক,সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ আদি ধবনিৰে উত্তাল কৰি তোলে সংগঠনটোৱে।