নাজিৰা, সংবাদ ৩৬৫, ২৪ আগষ্ট: শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত গড়কাপ্তানী পথসমূহৰ অৱস্থা তথা সমস্যাৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈ যায় । অতিৰিক্ত উপায়ুক্ত তথা নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ আহ্বানত গড়কাপ্তানি বিভাগৰে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে মহকুমাটোৰ পথৰ উন্নয়ন সন্দৰ্ভত শুক্ৰবাৰে এক আলোচনা মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় । উল্লেখ্য যে,নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা,মাহমৰা আৰু আমগুৰি বিধান সভা সমষ্টিক সামৰি থকা গড়কাপ্তানি বিভাগৰ ৰাজ্যিক আৰু গ্ৰাম্য পথ
তথা জৰাজীৰ্ণ দলং সমূহৰ পুনৰ নিৰ্মাণ আৰু মেৰামতি শীঘ্ৰে সম্পন্ন কৰিবলৈ এই আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।আনহাতে,হ্ৰস্বকালিন আৰু দীৰ্ঘকালিন দুয়োটা প্ৰক্ৰিয়াৰে নাজিৰা মহকুমাৰ পথ আৰু দলং সমূহৰ পুনৰ নিৰ্মাণ তথা মেৰামতি কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱাৰ কথা জানিবলৈ দিয়ে গড়কাপ্তানি বিভাগে । সমান্তৰালভাৱে,নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন ৰাস্তা আৰু দলসমূহৰো পুনৰ নিৰ্মাণ আৰু মেৰামতি সন্দৰ্ভত সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গই গড়কাপ্তানি বিভাগৰ বিষয়-ববীয়া আৰু মহকুমাধিপতিৰ আগত দাবী উত্থাপন কৰে । লক্ষণীয় যে, গড়কাপ্তানি ৰাজ্যিক পথ বিভাগৰ অধীনত থকা নাজিৰা আলি,বৰ আলি, ধোদৰ আলি, চণ্টক চৰাইদেউ আলি, নাজিৰা নগা আলি, লাচিত আলি, মাদুৰি গোহাঁই আলি, বাঁ‌হগড় আলি আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ পথৰ পুনৰ নিৰ্মাণ তথা ক্ষীপ্ৰ মেৰামতিৰ সন্দৰ্ভত দুয়োপক্ষই আলোচনাত মিলিত হয় । তদুপৰি গড়কাপ্তানি গ্ৰাম্য পথ বিভাগৰ অধীনত থকা গেলেকী আলি, চকীমুখ সন্দিকৈ আলি, আমকটীয়া আলি, বিহুবৰ চাহ বাগান আলি, চণ্টক আলি, মোহন হাজৰিকা আলি, দেউঘৰীয়া আলি, বুদবাৰী সত্ৰ আলি আদি বিভিন্ন পথৰ পুনৰ নিৰ্মাণ তথা মেৰামতি বিষয়েও অলোচনাত গুৰুত্ব সহকাৰে উত্থাপিত হয় । এই আলোচনাত গড়কাপ্তানি পথ বিভাগৰ অধীনত ৰাস্তাৰ পুনৰ নিৰ্মাণ তথা মেৰামতি সন্তোষজনক ভাৱে সম্পাদন নকৰা বিভাগীয় ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা হাতত ল’বলৈ সংগঠনসমূহে আহ্বান জনায় । মহকুমাটোৰ বিভিন্ন স্থানত ড্ৰাম্পাৰকে আদি কৰি গধুৰ যান বাহনৰ চলা চলে ৰাস্তাৰ ক্ষয়-ক্ষতি কৰা বিষয়টোও গুৰুত্ব সহকাৰে আলোচনাত উত্থাপিত হয় । নাজিৰা মহকুমাৰ ৰাস্তা আৰু দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে যাতায়ত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে মহকুমাধিপতি ৰাজীৱ থাপাই দল-সংগঠনৰে আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে । এই আলোচনাত নাজিৰাৰ মহকুমাধিপতিৰ উপৰিও সহকাৰী আয়ুক্ত অদিতি বৰ্মণ,গড়কাপ্তানি ৰাজ্যিক পথ বিভাগৰ কাৰ্য্যবাহী অভিযন্তা মহেন্দ্ৰ শইকীয়া,গড়কাপ্তানি গ্ৰাম্য পথ বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা বি আৰ শৰ্মা, জনসংযোগ বিষয়া জয়ন্ত মাউত আদি উপস্থিত থাকে ।