লাহৰীঘাট, সংবাদ ৩৬৫, ২৫ আগষ্ট: মৰিগাঁও জিলাৰ অতিকৈ বান বিধ্বস্ত অঞ্চল লাহৰীঘাট পানী যোগান আঁচনিটো ছয় বছৰ পূৰ্বে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা আঁচনিটোৰ পৰা আজিলৈকে এটুপি বিক্ষুদ্ধ খোৱা পানী নোলাল। ফলত অঞ্চলটোৰ প্ৰায় ৪০ খনতকৈও অধিক গাঁৱৰ ৰাইজে আইৰণযুক্ত পানী খাই নিজৰ জীৱনটো মৃত্যুৰ মুখলৈ ঠেলি দিছে। আজিলৈকে পানী যোগান আচঁনিটোত কোনো এজন বিষয়া কৰ্মচাৰীক উপস্থিত হোৱা দেখা পোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। ৰাজকোষৰ বৃহৎ অংকৰ ধন ব্যায় কৰি বিভাগটোৱে এক ফুলদানীহে প্ৰস্তুুত কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্হানীয় ৰাইজে। মাত্ৰ এটুপি পানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে লাহৰীঘাটবাসী ৰাইজ।