তেজপুৰ, সংবাদ ৩৬৫, ২৪ আগষ্ট: ৰাজ্যৰ অন্যঠাই সমূহৰ লগতে শোনিতপুৰ জিলাৰ তেজপুৰৰ ঐতিহাসিক মহাপুৰুষ দুজনাৰ সৃষ্ট নামঘৰতো ভক্তপ্ৰাণ বৈষ্ণৱৰ লানি নিছিঙা ভিৰ। ভাদ মাহৰ পহিলা দিনটোৰ পৰাই সমগ্ৰ অসমতে আৰম্ভ হৈছে ভদীয়া নাম। ধূপ-চাকি, শৰাই-নৈবদ্যৰে অগনন ভক্তৰ ভিৰ পৰিলক্ষিত হল তেজপুৰৰ বৰনামঘৰত। একেধৰনে ভক্তৰ ভিৰ দেখা গল তেজপুতত অন্যতম ধৰ্মীয় অনুস্থান নামঘৰশাখা সত্ৰত। ভাদ মাহৰ প্ৰথমটো বৃহস্পতিবাৰে এক ভক্তিময় পৰিবেশত পুৱাৰে পৰা ধূপ-চাকি, শৰাই-নৈবদ্যৰে নিজ নিজ পৰিয়ালৰ মংগলৰ কামনাৰ্থে প্ৰভুৰ শ্ৰীচৰণত শৰণাগত হোৱা দেখা গল। ভাদ মাহ মানেই এতিয়া ৰাজ্যজুৰি কেৱল ভক্তিৰসৰ বন্যা। দবা-শংখ আৰু হৰিনামৰ ধ্বনিত কেউফালে গুঞ্জৰিত হৈছে ভক্তিৰ অমিয়া ৰস।