শাওৰাচৰা, সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত শাওঁৰাচৰা প্ৰগতি ছোৱালী প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰৰ বাবে যোগান ধৰা ভাত আৰু দাইলত পোক ওলোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। খাদ্যত পোক দেখি ছাত্ৰ-ছাত্ৰী সকলে মধাহ্ন ভোজন খাবলৈ অমান্তি হয়। লগে লগে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ ওচৰত থকা অভিভাৱক আৰু ৰাইজক অৱগত কৰাত অভিভাৱক ৰাইজে বিদ্যালয়ৰ তিনিজন ৰান্ধনিকেই সোধ-পোচ কৰাত চাউল-দালি চাফা নকৰাৰ বাবেই পোক ওলোৱাৰ তথ্য পোহৰলৈ অহাৰ উপৰিও পৰিচালনা সমিতিৰ সভাপতিৰ নিৰ্দেশমতে খাদ্য সামগ্ৰী ওচৰৰ পুখুৰীত পেলাই দিয়ে ৰান্ধনীয়ে। আনহাতে, এই বিদ্যালয়খনত ৩ গৰাকী ৰান্ধনীৰ পৰা প্ৰধান শিক্ষক লৈকে একেটা পৰিয়ালৰ সদস্য। প্ৰধান শিক্ষকৰ নিজৰ ভনী সহকাৰী শিক্ষক নুৰ নেহাৰৰ লগতে খুৰী হাজেৰা খাতুন, জেষ্ঠ্য ভাতৃ শিক্ষক খৰচ্ছেদ খানৰ পত্নী মনোৱাৰা খাতুন আৰু ভাই বোৱাৰী আমেলা খাতুনও উক্ত বিদ্যালয় খনৰে ৰান্ধনী। কিন্তু ইয়াতে প্ৰশ্ন হয় বিদ্যালয়খনত তিনিগৰাকী ৰান্ধনী থকা স্বত্তেও ভাত আৰু দাইলত পোক ওলাল কেনেকৈ? বিদ্যালয় চৌহদত হৈ হাল্লা আৰম্ভ হোৱাৰ লগে লগে বিদ্যালয়ত ৰান্ধনী কেইজনৰ স্বামী তথা প্ৰধান শিক্ষক খান মমৰেজ আহমেদৰ ভাতৃ সকলোৱে বিদ্যালয় গৃহত উপস্থিত হৈ ৰাইজৰ লগত তৰ্ক যুদ্ধত লিপ্ত হয় আৰু প্ৰধান শিক্ষকৰ ভাতৃ শাওঁৰাচৰা মধ্য চৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খৰচ্ছেদ খানে ৰাইজৰ লগত হতাহতি কৰাও পৰিলক্ষিত হয়। এই ক্ষেত্ৰত অভিভাৱক আৰু ৰাইজে প্ৰধান শিক্ষকৰ বিৰুদ্ধে থানাত গোচৰো ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।