নাৰায়ণপুৰ, সংবাদ ৩৬৫, ১১ নৱেম্বৰ: যোৱা ৩০ অক্টোবৰত নাৰায়ণপুৰৰ চেঙেলীজানত দুই সন্তানৰ মাতৃ ববীতা বৰা নামৰ মহিলা এগৰাকীয়ে নিশা চিপ লৈ আত্মহত্যা কৰা কাণ্ডটোক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ পাছতে উক্ত ঘটনাটো এক নতুন ৰূপ লোৱা পৰিলক্ষিত হয়। শেহতীয়াকৈ ববীতা বৰাৰ পৰিয়াল আৰু স্থানীয় ৰাইজে তেওঁৰ স্বামী মোহন বৰাই হত্যা কৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰাৰ পাছত নাৰায়ণপুৰ আৰক্ষীয়ে শিক্ষকৰূপী স্বামীক জেললৈ প্ৰেৰণ কৰে। তাৰোপৰি স্থানীয় ৰাইজে স্বামী গৰাকীৰ লগত স্থানীয় দিপ্তি নাথ বৰা নামৰ এগৰাকী শিক্ষয়ত্ৰীৰ লগত অবৈধ সম্পৰ্ক থকা বুলি গুৰুত্বৰ অভিযোগ কৰাত শনিবাৰে দিপ্তি নাথ বৰাকো নাৰায়ণপুৰ আৰক্ষীয়ে আটক কৰে আৰু দেওবাৰে জেললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে পলাতক অৱস্থাত থকা দিপ্তি নাথ বৰা নামৰ শিক্ষয়িত্ৰী গৰাকী শনিবাৰে নিজ ঘৰলৈ আহিছিল। আৰু দীপ্তি নাথ বৰা ঘৰত অহা খবৰ পাই স্থানীয় শতাধিক পুৰুষ-মহিলাই দীপ্তিৰ ঘৰত প্ৰবেশ কৰি আটক কৰে আৰু গৰুৰ পঘাৰে বান্ধি সমগ্র গাঁওখন ঘূৰায়। একাংশ মহিলাই লম্পট মহিলা গৰাকীৰ ওপৰত শাৰীৰিক প্ৰহাৰো কৰে । ধৃত মহিলা গৰাকীক মৃত মহিলা গৰাকীৰ মৰিশালিত সেৱা কৰিবলৈও বাধ্য কৰাই উত্তেজিত স্থানীয় মহিলা সকলে। পৰৱৰ্তী সময়ত নাৰায়ণপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক উত্তেজিত মহিলা সকলৰ কবলৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ আনে আৰু দেওবাৰে জেললৈ প্ৰেৰণ কৰে । আনহাতে দুটি সৰু-সৰু সন্তানৰ মাতৃৰ মৃত্যুত অতিসহ্য হৈ দুটি সন্তানৰ দ্বায়িত্ব লোৱাৰ দাবীত পুনৰ আজি স্থানীয় ৰাইজে উতপ্ত কৰি তোলে থানা চৌহদ। এই ক্ষেত্ৰত নাৰায়নপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীননাথ মিলিয়ে বিষয়টো আলোচনা কৰা হব বুলি উল্লেখ কৰে ।