সৰভোগ, সংবাদ ৩৬৫, ১১ নৱেম্বৰ: উন্নয়নৰ হাজাৰ শ্লোগান দি চৰকাৰৰ গাদী দখল কৰা বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসে উন্নয়নক পিঠি দিয়াত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে সৰভোগৰ ১৪ খন গাৱৰ ৰাইজে। বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত জামাদাৰবাৰী হৈ ওদালগুৰিলৈ যোৱা গড়কাপ্তানী পথটো বিগত ৪ বছৰে জৰাজীৰ্ণ হৈ থকাত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে বেকী নৈৰ দুই পাৰৰ হেজাৰ হেজাৰ লোকৰ লগতে শ শ ছাত্ৰ-ছাত্ৰী। ইয়াৰ উপৰিও বেকী নৈৰ শিল-বালিৰ কয়েৰীত দৈনিক সহস্ৰাধিক যান-বাহন উক্ত পথৰে যাতায়াত কৰাৰ লগতে কয়েৰীৰ পৰা দৈনিক ৪ লক্ষাধিক টকাৰ কৰ সংগ্ৰহ কৰাৰ পিছতো পথটো মেৰামতি কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক উক্ত পথটো মেৰামতি কৰাৰ বাবে সৰভোগ অঞ্চলৰ ৰাইজে কেবাবাৰো বিনম্ৰ অনুৰোধ কৰাৰ পিছতো বিধায়কৰ লগতে গড়কাপ্তানী বিভাগ বা বৰপেটা জিলা প্ৰশাসনে পথটো মেৰামতি বা নতুনকৈ নিৰ্মাণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ প্ৰতিবাদতেই দেওবাৰে উক্ত পথটো চৰকাৰে যদি অতি সোনকালে নিৰ্মাণ নকৰে তেন্তে আৰু অধিক ভয়াবহ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি ভাবুকি প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলে আৰু স্থানীয় ৰাইজে।