গুৱাহাটী, সংবাদ ৩৬৫, ১১ নৱেম্বৰ: ৰাজ্যত ক্ৰমাগতভাৱে অবৈধ বেহা চলি থকাৰ সময়তে দেওবাৰে মহানগৰীৰ সমীপৱৰ্তী বৰঝাৰ বিমানবন্দৰৰ পৰা লালথিথাল লিয়ানা নামৰ ব্যক্তি এজনৰ পৰা বৃহৎ পৰিমাণৰ সোন সহিতে জব্দ কৰে চি আই এছ এফয়ে। এয়াৰ ইণ্ডিয়াৰ এ১৭৩০ নম্বৰৰ বিমানযোগে কলিকতালৈ যোৱাৰ সময়চোৱাত চি আই এছ এফৰ বিষয়াই নিয়মীয়া পৰীক্ষণ চলোৱাৰ মুহূৰ্তত ধৃত ব্যক্তি জনৰ পৰা এটা বেগৰ ভিতৰত থকা বৃহৎ পৰিমাণৰ সোনখিনি জব্দ কৰিবলৈ সক্ষম হয়। আইজলৰ পৰা আই এছ বি টিলৈ অহাৰ সময়ত কোনো লোকে লালথিথাল লিয়ানা নামৰ ব্যক্তিজনক বৃহৎ পৰিমানৰ সোনখিনি বিমানেৰ কলিকতালৈ নিবলৈ দিয়া বুলি চি আই এছ এফ ৰ আগত প্ৰকাশ কৰে ধৃত লোকজনে। বৰ্তমান ধৃত লোকজনক বিমানবন্দৰৰ ভিতৰত সোধা পোছা অব্যাহত ৰাখিছে চি আই এছ এফয়ে ।