চৰাইদেউ, সংবাদ ৩৬৫, ১১ আগষ্ট: “যাদু কুৱঁৰী” সন্মান গ্ৰহণ কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে শিশু শিল্পী বৃষ্টি বন্যাই। শিশু যাদুশিল্পী বৃষ্টি বন্যা চেতিয়া ফুকনক গুৰুকুল মেজিক একাডেমী এণ্ড ৰিচাৰ্চ চেন্টাৰৰ ২০১৮ বৰ্ষৰ “ যাদু কুৱঁৰী” সন্মান প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে চৰাইদেউবাসী ৰাইজৰ লগতে যাদুপ্ৰেমীসকল। ৯ আগষ্টত গুৱাহাঁটীৰ তীৰ্থনাথ শৰ্মা প্ৰেক্ষাগৃহত হোৱা গুৰুকুল মেজিক একাডেমীৰ একাদশ বৰ্ষ পুৰ্তী উপলক্ষে তথা ১০ আগষ্ট ৰ “অসম মেজিক দিৱসৰ “উপলক্ষে হোৱা এক অনুষ্ঠানত মেজিক একাডেমী খনৰ অধ্যক্ষ তথা বিশিষ্ট যাদু শিল্পী যাদু সম্ৰাট বিক্ৰম তালুকদাৰ আৰু অসমৰ যাদু জগতৰ এগৰাকী বৰেণ্য শিল্পী N .C .Sharma ৰ পৰা শিশু যাদু শিল্পী বৃষ্টিৰ ৰ হৈ বটাঁ গ্ৰহণ কৰে বৃষ্টিৰ পিতৃ প্ৰদীপ চেতিয়া ফুকনে ৷ শিশু যাদু শিল্পী বৃষ্টি যাদুৰ লগতে এগৰাকী শিশু মডেল ও। বৃষ্টি চৰাইদেউ জিলাৰ সোণাৰিৰ নিবাসী যাদুকৰ প্ৰদীপ চেতিয়া ফুকন আৰু মৃদুস্মিতা গগৈ একমাত্ৰ জী আৰু অসমৰ বৰেণ্য সাহিত্যিক প্ৰয়াত কবিতা কোৱঁৰ অম্বেশ্বৰ চেতিয়া ফুকনৰ নাতিনী ও সোণাৰি পল ষ্টাৰ একাডেমীৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।