গুৱাহাটী

২৬ ছেপ্টেম্বৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে। ছাত্ৰ সংগঠন দুটাই নিযুক্তি বৰ্ডৰ অধ্যক্ষক তদন্তৰ আওতালৈ আনৰ লগতে দুৰ্নীতিতলিপ্ত বিষয়া, কৰ্মচাৰী আৰু পৰীক্ষাৰ্থী সকলক আটক কৰি ন্যায়াধীশৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়াৰ দাবী জনাইছে।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক
বাচনি পৰীক্ষাত হোৱা অনিয়ম-দুৰ্নীতি অতি ব্যাপক আৰু বৃহৎ; সেয়া এই দুৰ্নীতিৰ সঠিক তদন্ত কৰাৰ বাবে আৰক্ষী নিযুক্তি বৰ্ডৰ অধক্ষ্য প্ৰদীপ কুমাৰক তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে। এই অনিয়মৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰভাৱে কৰি দোষীসকলক কৰায়ত্ত কৰাৰ লগতে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত দোষীসকলক অব্যাহতি দিয়াৰ লগতে নতুনকৈ নিযুক্তি বৰ্ড গঠন কৰিবলৈ এছ এফ আই আৰু ডি ৱাই এফ আয়ে দাবী জনাইছে। অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰি প্ৰশ্ন কাকত সংগ্ৰহ কৰা আৰু পৰীক্ষা অনুস্থিত হোৱাৰ পূৰ্বেই প্ৰশ্নকাকতৰ উত্তৰ লিখা পৰীক্ষাৰ্থীসকল আৰু ইয়াৰ লগত জড়িত সকলো বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়াই নিয়াৰ দাবী জনাইছে ছাত্ৰ সংগঠন দুটাই। তদুপৰি এই তদন্তৰ দায়িত্ব এগৰাকী ন্যায়াধীশৰ জৰিয়তে কৰিবলৈও দুয়োটা সংগঠনে পোষকতা কৰিছে। মন কৰিবলগীয়া যে এই প্ৰশ্ন কাকত ফদিল আৰু অনিয়মৰ আশ্ৰয় লোৱাৰ অন্তৰালত শাসক দল বিজেপিৰ নেতা আৰু আৰ এছ এছ লোক জড়িত হোৱাৰ কথা পোহৰলৈ আহিছে। প্ৰকৃততে আৰ এছ এছে নিজৰ মানুহ আৰক্ষী বিভাগত সোমোৱাই দিয়াৰ বাবে অহৰহ চেষ্টা কৰিছে। শাসক দল বিজেপিক পৰিচালিত কৰা আৰ এছ এছ জড়িত হোৱা এই কেংলেংকাৰী অতি গভীৰ আৰু ব্যাপক হোৱাৰ সম্ভাৱনা আছে বুলিও সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠন দুটাই। অকল আৰক্ষী বিভাগতে নহয়, বন, পঞ্চায়ত আৰু গ্ৰাম্যউন্নয়, মীন, স্বাস্থ্য আদি বিভাগৰ পৰীক্ষা প্ৰদীপ কুমাৰ নেতৃত্বাধীন নিযুক্তি বোৰ্ডৰ অধীনতে অনুষ্ঠিত হৈছে আৰু এই বাচনী পৰীক্ষাসমূহতো অধিক সংখ্যক প্ৰাৰ্থী বিজেপি আৰ এছ এছৰ সদস্যই বাচনী হৈ নিযুক্তি লাভ কৰিছিল।

বিজেপি চৰকাৰে নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছিল যদিও প্ৰায়ভাগ বিভাগতে চূড়ান্ত অনিয়মেৰে নিজ দলৰ মানুহক নিযুক্তি দিছে বুলিও অভিযোগ উত্থাপন কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)য়ে। শূন্য সহনশীলতাৰ নীতি আৱৰাই থকা চৰকাৰখনে চাকৰী প্ৰাৰ্থী প্ৰতিজন নিবনুৱাকে চৰম প্ৰতাৰণা কৰিছে। বিজেপি চৰকাৰৰ এই স্বজন-প্ৰীতিৰ নীতি তৎকালে বাতিল কৰি নতুনকৈ নিযুক্তি বৰ্ড গঠন কৰি নিকাভাৱে বাচনী পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এছ এফ আই-ডি ৱাই এফ আয়ে দাবী জনাইছে।