তামুলপুৰ, সংবাদ ৩৬৫, ১৬ নৱেম্বৰ: ৰাজ্যত হস্তী-মানুহৰ সংঘাত দৈনিক বৃদ্ধি পাই আহিছে। বনৰীয়া হাতীৰ আক্ৰমণত সঘনাই নিৰীহ লোকৰ মৃত্যু হৈছে। তাৰ মাজতে বৃহস্পতিবাৰে নিশা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তথা নাগ্ৰীজুলি বন বিভাগৰ অধীনস্ত ২ নং দঙাৰগাঁওত বন্য হস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু ঘটে। অঞ্চলটোত দীৰ্ঘদিনে চলি অহা হাতীৰ উপদ্ৰৱত এতিয়া অঞ্চলবাসীৰ নিদ্ৰা হৰণ কৰাৰ লগতে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। বনাঞ্চলৰ পৰা জনাঞ্চলৈ এনেদৰে খাদ্যৰ সন্ধানত দৈনিক সীমান্তৱৰ্তী গাঁৱত এতিয়া বন্য হস্তীৰ বিৰাজমান চলিছে। ঘটনাৰ বিবৰণি মতে, বৃহস্পতিবাৰে নিশা অঞ্চলটোৰ মাজত হাতীৰ এটা বৃহত জাকে উপদ্ৰৱ চলাই অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ উপৰিও খেতিপথাৰৰ শস্য খাই তহিলং কৰে। ইফালে বন্যহস্তীৰ জাকটোৱে বাসগৃহ লণ্ডভণ্ড কৰাৰ সময়ত প্ৰাণ বচাবলৈ লোক সকলে যেনিয়ে তেনিয়ে পলাব চেষ্টা কৰে। কিন্তু হাতীৰ জাকটোৰ আক্ৰমণত বৃন্দাবন তান্তি নামৰ (৫৫)বছৰীয়া ব্যক্তি জন থিতাতে নিহত হয় । এই ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয় । ইপিনে ঘটনাস্থলীত নাগ্ৰীজুলি আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ লোকজনক মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।