গুৱাহাটী, ২৮ এপ্ৰিলঃ খাদ্য­ আৰু আতিথ্য­ উদ্যোগৰ লগত জড়িত ভাৰতৰ আগশাৰীৰ ব্যৱসায়িক ভিত্তিক প্ৰদৰ্শনী ফুডটেক ইণ্ডিয়া প্ৰথমবাৰলৈ গুৱাহাটীৰ  মণিৰাম দেৱান বাণিজ্য ­কেন্দ্ৰত আয়োজন কৰা হৈছে৷ তিনিদনীয়া কাৰ্যসূচীৰে আয়োজিত নৰ্থ-ইষ্ট ফুডটেকৰ দ্বাৰ আজি অসমৰ কৃষি উদ্যান শস্য­ আৰু খাদ্য­ প্ৰস্তুতকৰণ বিভাগৰ মন্ত্ৰী অতুল বৰাই মুকলি কৰে৷ কৃষিমন্ত্ৰী অতুল বৰাই উদ্ধোধনী ভাষনত কয় যে এনে আগশাৰীৰ ব্যৱসায়িক ভিত্তিক  প্ৰদৰ্শনীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বেকাৰী, হোটেল আৰু খাদ্য­ প্ৰস্তুতকৰণৰ উদ্যোগটোক নতুন মাত্ৰা প্ৰদান কৰিব৷ অসমৰ উদ্যোগখণ্ডৰ লগত জড়িত লোকসকলক এই প্ৰদৰ্শনীত খাদ্য­ প্ৰস্তুতকৰণত ব্যৱহৃত আধুনিক প্ৰযুক্তিৰ লগত চিনাকী হোৱাত সহায়ক হ’ব৷  উল্লেখ্য যে, নৰ্থ-ইষ্ট ফুডটেক প্ৰদৰ্শনীখন তিনিটা ভাগত বিভক্ত। সেইকেইটা হ’ল-খাদ্য­ প্ৰস্তুতকৰণ, বেকাৰী-মিঠাই আৰু আতিথ্য৷­ নৰ্থ-ইষ্ট ফুডটেকৰ তিনিদনীয়া কাৰ্যসূচীত  আলোচনা চক্ৰ, সন্মিলন, প্ৰডাক্ট মুকলি, ক্ৰেতা-বিক্ৰেতাৰ বৈঠক, শিক্ষাৰ্থীৰে  মত-বিনিময় অনুষ্ঠান, ৰন্ধন প্ৰতিযোগিতা আৰু বিনামূলীয়া নমুনা প্ৰদৰ্শনী ইত্যাদি অনুষ্ঠিত হ’ব৷ ইয়াৰ উপৰি প্ৰদৰ্শনীত বেকাৰী, মিঠাই প্ৰস্তুতকৰ্তা, হোটেল ব্যৱসায়ী, ৰেষ্টুৰেণ্ট ব্যৱসায়ী, খাদ্য যোগান ধৰোতা, কফি পাৰ্লাৰ, কেটাৰাৰ, বিবাহ হলৰ মালিক, দুগ্ধ ব্যৱসায়ী, খাদ্য প্ৰস্তুতকৰ্তা, হস্পিতেলিটী, মেনেজমেণ্ট পাঠ্যক্ৰমৰ শিক্ষাৰ্থীয়ে উদ্যোগটোৰ লগতে নতুন উদ্যোগীয়ে কফি দোকান, বেকাৰী দোকান, মিঠাই দোকান, নতুন বেকাৰী, ৰেষ্টুৰেণ্ট, দুগ্ধ পাৰ্লাৰ ইত্যাদি খোলাৰ বাবে অভিজ্ঞতা লাভ কৰিব। প্ৰদৰ্শনীত খাদ্যৰ ব্যৱসায় উন্নত কৰাৰ ক্ষেত্ৰত ব্যৱসায়ী তথা উদ্যোগীসকলে সকলো ধৰণৰ সমাধানো লাভ কৰিব পাৰিব। নৰ্থ-ইষ্ট ফুডটেক প্ৰদৰ্শনীত সমগ্ৰ ভাৰতৰ ৬০টাতকৈ অধিক প্ৰতিষ্ঠিত কোম্পানীয়ে ভাগ লৈছে৷ ইয়াত খাদ্য আৰু আতিথ্য উদ্যোগত ব্যৱহৃত বিভিন্ন প্ৰযুক্তি-উৎপাদিত সামগ্ৰী প্ৰদৰ্শনৰ লগতে প্ৰডাক্টৰ ব্যৱহাৰ প্ৰদৰ্শনীস্থলীত দেখুওৱা হ’ব বুলি নৰ্থ ইষ্ট ফুডটেকৰ মুখ্য আহ্বায়ক জাকিৰ হোছেইনে জানিবলৈ দিয়ে৷ কোনো উদ্যোগীৰ ৫ লাখতকৈ বেছি টকা ব্যয় কৰাৰ সামৰ্থ্য থাকিলে নৰ্থ ইষ্ট ফুডটেকে সেই ব্যক্তিজনক খাদ্য খণ্ডত নতুন ব্যৱসায় আৰম্ভ কৰাত সহায় কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। দিল্লীৰ প্ৰতিষ্ঠিত এন কে কাপুৰ এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে আয়োজন কৰা এই প্ৰদৰ্শনীত অসমৰ হোটেল, ৰেস্তোৰা, বেকাৰী, মিঠাই আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ সৈতে জড়িত উত্তৰপূবৰ বৃহৎ বৃহৎ উদ্যোগে প্ৰতিষ্ঠানে সমৰ্থন আগবঢ়াইছে৷