নলবাৰী, ২৮ এপ্ৰিলঃ যোৱানিশা নামনি অসমৰ বিভিন্ন জিলাত ধুমুহা আৰু শিলাবৃষ্টিয়ে ব্যাপক ক্ষয়-ক্ষতি কৰে৷ নলবাৰীৰ সন্ধা, পাইকাৰকুছি, শুকাকুছি, আহিনপুৰ আদি অঞ্চলৰ লগতে কেবাখনো গাঁৱত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে৷ ধুমুহাত ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে ডাঙৰ ডাঙৰ গছ পথৰ ওপৰত বাগৰি পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈছে৷ পুৱা স্থানীয় লোকে গছসমূহ আঁতৰাই যাতায়ত ব্যৱস্থা সুচল কৰে৷ আনহাতে গছ বাগৰি বিদ্যুতৰ তাঁৰ ছিঙাৰ ফলত নিশাৰে পৰা অঞ্চলত সমূহত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ আছে৷ মুঠতে ধুমুহাত নলবাৰীত ব্যাপক হাৰত ক্ষতি হৈছে।