মণিকপুৰ, সংবাদ ৩৬৫, ৩০ আগষ্ট: ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত কলিয়াৰ খাল(তিলাপৰা)ৰ আজাদ আলিৰ পুত্ৰ হাউলিষ্ঠিত ছাবলাইম একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ জাহাঙ্গিৰ আলমে বৃহস্পতিবাৰে ৰাতিপুৱা হোষ্টেল চৌহদৰ ওচৰতে থকা দোকানলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰি গাড়ীত উঠাই লৈ ছাত্ৰ জনক অচেতন কৰি মাণিকপুৰৰ পিনে লৈ যায়। মাণিকপুৰ পোৱাৰ কিছু সময় আগতে ছাত্ৰজনৰ জ্ঞান ঘূৰি আহে। ইপিনে আক্ৰাছুই অসম বন্ধ ঘোষণা কৰাত বৰপেটা দিশৰ পৰা অহা যান বাহন বিলাক পাতিলাদহা নামৰ ঠাই ডোখৰৰ পৰা আগলৈ যাবলৈ নিদিয়াত সকলো গাড়ীকে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত শাৰী পতাই ৰখাই থোৱা হৈছিল। সকলো গাড়ী এনেদৰে ৰখাই থোৱাত অপহৰণকাৰী দলটোৱে কিবা বিপদৰ সম্ভেদ পোৱা বুলি মানিকপুৰৰ নিকটৱৰ্তী কিছমৎ দ্বাৰিকাত ৩১ নং ৰাষ্ট্রীয় ঘাই পথত ছাত্ৰ জনক গাড়ীৰ পৰা নমাই দি গাড়ী ঘূৰাই ওলোটাকৈ পুনৰ বৰপেটা পিনে গুচি যায়। পিছত ছাত্ৰ জনে লগে লগে এঘৰ মানুহৰ ঘৰলৈ যায় আৰু তাতে সকলো কথা খুলি কয়। পৰৱৰ্তী সময়ত কিছমৎ দ্বাৰিকাৰ লোক কেইজনমানে মানিকপুৰ থানাত ছাত্ৰজনক গতাই দিয়ে। কিন্তু আশ্চৰ্য্যকৰ কথা হল মাণিকপুৰ আৰক্ষীয়ে ছাঁবলাইম একাডেমিৰ লগত যোগাযোগ কৰাৰ পিছত একাডেমীৰ কৰ্তৃপক্ষ মাণিকপুৰ আৰক্ষী থানাত উপস্থিত হয় আৰু ছাত্ৰজনক বুজি লৈ এইটো অপহৰণকাণ্ড নহয় বুলি দাবী কৰে। এতিয়া আৰক্ষীৰ তদন্তৰ অন্ততহে আছল ঘটনা পোহৰলৈ আহিব।