জনিয়া, সংবাদ ৩৬৫, ১৯ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ পশ্চিম জনিয়া সমবায় সমিতিৰ এজেন্টে চলাইছে ব্যাপক লুণ্ঠন। কাদং গাঁওৰ মোন্নাফ আলীৰ চৰকাৰী সুলভ মূল্যৰ দোকানত গ্ৰাহকে লাভ কৰিব নাপায় প্ৰাপ্য সামগ্ৰী। গ্ৰাহকক চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ চাউল, কেৰাচিন তেল, আটা আদি পৰিবহনৰ খৰছৰ নামত সমবায় সমিতিৰ এজেন্ট মোন্নাফ আলীয়ে কমকৈ বিতৰণ কৰে বুলি অভিযোগ উত্থাপিত হৈছে। গ্ৰাহকক চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ চাউল, কেৰাচিন তেল, আটা আদি পৰিবহনৰ খৰছৰ নামত সমবায় সমিতিৰ এজেন্ট মোন্নাফ আলীয়ে কমকৈ বিতৰণ কৰে। ১৭৯ জন গ্ৰাহকৰ পৰা প্ৰতিবাৰতেই ৩/৪ কেজি কৈ চাউল কমকৈ বিতৰণ কৰি কলা বজাৰত বিক্ৰী কৰে। তাৰোপৰি শতাধিক হিতাধিকাৰী সামগ্ৰী যোগান ধৰাৰ পৰা বিৰত ৰাখি সামগ্ৰীবোৰ কলা বজাৰত বিক্ৰী কৰি দীৰ্ঘদিন ধৰি ব্যাপক লুণ্ঠন অব্যাহত ৰাখিছে যদিও উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। বঞ্চিত গ্ৰাহক সকলে মোন্নাফ আলিৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰি এজেন্ট গৰাকীৰ বিৰুদ্ধে তদন্তমূলে বিহীত ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। উল্লেখ্য যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী হিতাধিকাৰীক বিতৰণ নকৰি চোৰাং বজাৰত বিক্ৰী কৰাটো যেন এক সাধাৰণ ঘটনাত পৰিণত হৈছে। এই দুৰ্নীতিত সমবায়ৰ এজেণ্টৰ পৰা আৰম্ভ কৰি বিষয়ালৈকে জড়িতৰ অভিযোগ দীৰ্ঘদিনীয়া।