বৰপেটা, সংবাদ ৩৬৫, ১৯ ছেপ্টেম্বৰ: ৰাজ্যখনত প্ৰতিবছৰে নৈপৰীয়া লোকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ব্যাপক গৰাখহনীয়াই। শেহতীয়াকৈ বৰপেটাৰ গুইলেজাত বেঁকী নৈৰ খহনীয়াৰ তাণ্ডৱত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইতিমধ্যে গাও খনৰ ৩০ টা কৈ পৰিয়ালৰ ভেটি মাটি নৈৰ বুকুত জাহ যোৱাৰ লগতে বহু খেতি পথাৰ বিধ্বস্ত হৈছে। গাও খনৰ একমাত্ৰ গুইলেজা প্ৰাথমিক বিদ্যালয় খনলৈ বেকীৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰাত শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু ৰাইজ আতংকিত হৈ পৰিছে। খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অচিৰেই গাও খনৰ আন শতাধিক পৰিয়ালৰ ভেটি মাটি নৈৰ বুকুত জাহ যাব পাৰে বুলি আশংকা কৰা হৈছে। এইক্ষেত্ৰত স্হানীয় বিধায়ক, জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰৰ কামনা কৰিছে বিভিন্ন মহলে ।