পাঠশালা, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ: পাঠশালাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কলেজ চকত দেওবাৰে সন্ধিয়া এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। এ এছ ০১ ডি বি ১৯২৬ নম্বৰৰ এখন তীব্ৰ বেগী চুইফট গাড়ীয়ে এ এছ ১৪ এফ ৭২৫৮ নম্বৰৰ টিভি এছ আপাচি, এ এছ ১৫ এফ ৯৮৩০ আৰু এ এছ ১৩ ডি ১০৩৫ নম্বৰৰ এখন পালচাৰ বাইক আৰোহীক খুন্দিয়াই লৈ যায়। ফলত বাক্সাৰ বৰবৰী বিষ্ণুপুৰৰ পংকজ নামৰ যুৱক এজন থিতাতে নিহত হয়। দুগৰাকী বজালী মহাবিদ্যালয়ৰ ছাত্ৰী সহ দুজন যুৱক গুৰুতৰ ভাবে আহত হয়। ততাতৈয়াকৈ ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আহত কেইগৰাকীক পাঠশালা চহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ১০৮ মৃত্যুঞ্জয় সেৱা বন্ধ হৈ থকাৰ ফলতে পংকজ নামৰ যুৱক জনৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই চুইফট গাড়ী খনৰ চালকসহ আৰু বাকী চাৰিজন আৰোহী পলাই যদিও পাছত আৰক্ষীয়ে তাইকেইজনক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বজালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰী দুগৰাকীয়ে স্নাতকোত্তৰ পৰীক্ষা দি ঘৰলৈ উভতি গৈ থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয়। আহত সকল হৈছে পাঠশালা বৰবাং গাওৰ মৃদুস্মিতা দাস(২২),বাস্কাৰ পাখামাৰৰ ভনিতা দাস(২২),আৰু বজালী ভালুকীৰ আন এগৰাকী যুৱক সুজিত শৰ্মা।