পানবাৰী, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ: পৰ্বতঝোৰাৰ বিটিএডিৰ অন্তৰ্গত পানবাৰীত অতি নিম্ন মানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি কোটি টকীয়া ৰাস্তা নিৰ্মাণ কৰা ঠিকাদাৰ দীপাংকৰৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে আছাম ৰোড মেইনটেনেঞ্চ ফাণ্ড ২০১৬-১৭ চনৰ অধীনত বিটিএডিৰ অন্তৰ্গত পানবাৰীৰ পৰা চিতলকাটি গাওলৈ যোৱা পকী ৰাস্তা, পকী কালবাৰ্ড আৰু পকী নলা নিৰ্মাণৰ বাবে ১.২৫ কোটি টকা আঁচনি হিচাপে লাভ কৰিছিল আৰু সেই আঁচনিৰ অধীনত দীপাংকৰ নামৰ এজন ঠিকাদাৰে তেওঁৰ অধীনত ঠিকা লৈছিল। কিন্তু আঁচনি হিচাপত কাম তেনেই নিম্ন মানৰ কাম কৰা তথা কিমান টকাৰ নিৰ্মান কাৰ্য্য কৰা হৈছে সেয়া নাম ফলকত একো উল্লেখ নকৰা ইত্যাদি কু কাৰ্য্যৰ বিয়াগোম দুৰ্নীতি তথা কেলেংকাৰী হোৱা পৰিলক্ষিত হোৱাত ৰাইজে ক্ষুদ্ধ হৈ নিৰ্মান কাৰ্য বন্ধ কৰি দিয়ে। স্মৰ্তব্য যে, পকী ৰাস্তা আৰু পকী নলা নিৰ্মাণ কামত নিম্নমানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰাত নৱনিৰ্মিত ৰাস্তা, কালবাৰ্ড আৰু নলা জহিখহি যাবলৈ ধৰিছে। এইক্ষেত্ৰত আঁচনি বৰ্হিভূত কামৰ বিৰুদ্ধে জিলা প্ৰশাসনে কেনে ভূমিকা লয় সেয়া সময়তহে লক্ষণীয় হব।