যোৰহাট, সংবাদ ৩৬৫, ৩১ মে’ : সধাৰণ কথা এটাক কেন্দ্ৰ কৰি এজন লোকৰ ওপৰত জপিয়াই পৰে কেইবাজনো লোক। সৰু এটা কথাতে হওক বা অন্ধবিশ্বাসৰ বাবেই হওক বা অন্য কোনো কাৰণতে হওক, গণপ্ৰহাৰৰ ঘটনা যোৱা কিছু বছৰ ধৰি ব্যাপক হাৰত বৃদ্ধি পাইছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো। ঝংকাৰ শইকীয়া, অভি-নীল, সনাতন ডেকাৰ দৰেই এইবাৰ ৰাজ্যত গণপ্ৰহাৰৰ বলি হ’ল দেৱশীষ গগৈ নামৰ আৰু এজন যুৱক।

ঘটনা যোৰহাট জিলাৰ মৰিয়ানীৰ, যোৱা শনিবাৰে দেৱশীষ গগৈ বন্ধু আদিত্য দাসৰ সৈতে গাভৰু পৰ্বতৰ সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ সময়ত গাভৰু চাহ বাগিচাৰ সমীপত দুয়োগৰাকী বন্ধু আহি থকা দুচকীয়া বাহনখনে এগৰাকী মহিলাক সামান্যভাবে খুন্দা মাৰে। এই সামান্য দুর্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উপস্থিত থকা কিছুমান লোকে দেৱশীষ আৰু আদিত্যৰ ওপৰত নৃশংস ভাবে আক্ৰমণ চলাই। আদিত্য দাসে বন্ধু দেৱশীষক গণ গণপ্ৰহাৰৰ পৰা ৰক্ষা কৰাৰ বহু চেষ্টা চলাই যদিও আদিত্য বিফল হোৱাৰ লগতে নিজেও বলি হয় উদণ্ড লোক সকলৰ আক্ৰমণৰ। পৰৱৰ্তী সময়ত দেৱশীষৰ পিতৃ আৰু ভগ্নী ঘটনাস্থলীত উপস্থিত হৈ দেৱশীষ আৰু আদিত্যক গণ গণপ্ৰহাৰৰ পৰা ৰক্ষা কৰাৰ চেষ্টা চলাই যদিও দেৱশীষৰ পিতৃ আৰু ভগ্নীৰ সন্মুখতে মানৱ ৰূপী দনৱৰ দলটোৱে নিৰ্মমভাবে আক্ৰমণ চলাই যায়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দেৱশীষ আৰু আদিত্যক উদ্ধাৰ কৰে। আৰক্ষীয়ে যুৱক দুজনক চিকিৎসালয়লৈ নিয়াৰ পথতে দেৱশীষ গগৈৰ মৃত্যু হয় আৰু আদিত্য দাস সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। সামান্য এটা দুর্ঘটনাক কেন্দ্ৰ কৰি দুজনকৈ যুৱকৰ ওপৰত চলা এই গণপ্ৰহাৰৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত নকচাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু আটাছুৱে দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰি গণপ্ৰহাৰৰ লগত জড়িত লোক সকলক অতি শীঘ্ৰে আটক কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে।