বঙাইগাঁও, সংবাদ ৩৬৫, ৩০ মে’ :  বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ।জিলাখনৰ অভয়াপুৰীৰ বিস্তৃৰ্ণ অঞ্চলৰ লগতে কৃষিভূমি প্লাৱিত হোৱাত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে শতাধিক কৃষিজীৱি লোক।

যোৱা কিছুদিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে কেইবাখনো জিলা প্লাবিত কৰিছে। ইতিমধ্যে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বছৰৰ প্ৰথমটো বানত বৃহৎ ক্ষতি সাধন হৈছে গোৱালপাৰা, লখিমপুৰ, ধেমাজি আৰু নলবাৰী জিলাত। প্ৰথমটো বানত প্লাবিত হৈছিল ৰাজ্যৰ ১১ খনকৈ জিলা। বৰ্তমানেও কেইবাখনো জিলা পানীৰ তলত আছে যদিও বান পৰিস্থিতি কিছু উন্নত হৈছে গোৱালপাৰা, লখিমপুৰ, ধেমাজি আৰু নলবাৰী জিলাত। ইয়াৰ মাজতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ সমূহৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বঙাইগাঁও জিলাত। জিলাখনৰ বিভিন্ন স্থানত আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত দক্ষিন অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেবাখনো গাঁও বানৰ কৱলত পৰিছে। বৰজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও সমূহৰ বানাক্ৰান্ত বহু পৰিয়ালৰ ঘৰৰ চোতাল বানত বুৰ যোৱাৰ লগতে শতাধিক কৃষক পৰিয়ালৰ কৃষিভুমি বানৰ কৱলত পৰিছে। যোৱা তিনিদিন ধৰি বৃদ্ধি পোৱা বানপানীয়ে ইতিমধ্যে ইৰিধানৰ খেতিৰ লগতে মৰাপাটৰ খেতিৰ ব্যাপক ক্ষতি সাধন কৰিছে।

বছৰৰ প্ৰথমটো বানে বঙাইগাঁও জিলাৰ দক্ষিন অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও সমূহত বানপানীয়ে সন্ত্ৰাস চলোৱাত মুৰে কপালে হাত দিব লগা হৈছে কৃষক সকল।জিলাখনত বানাক্ৰান্ত অঞ্চল সমূহত ক্ষতিগ্ৰস্ত কৃষক সকলৰ কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে জিলা প্ৰশাসনৰ বিৰুদ্ধে।