তামুলপুৰ, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰনৰ দাবীত আদিবাসী মহাসভাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ তামুলপুৰ মহকুমাৰ দৰংগামেলা, কুমাৰীকাটা, নাগ্ৰিজুলী, গুৱাবাৰী, খৈৰানী বালাহাটী আদি অঞ্চলত সৰ্বাত্মক ৷ বন্ধৰ ফলত মহকুমাৰ বিভিন্ন প্ৰান্তত দোকান-পোহাৰ, সাপ্তাহিক বজাৰ, ব্যৱসায়ীক যান-বাহনৰ চলাচল বন্ধ হৈ পৰে ৷ আনহাতে তামুলপুৰ মহকুমাৰ ঠায়ে বন্ধৰ সমৰ্থক সকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী সকলে আমাক এচ,টি দিব লাগিবই, ন এচ টি ন ৰেষ্ট , বিজেপি চৰকাৰ হায় হায়, বি পি এফ হায় হায়, হাগ্ৰামা হায় হায়, আদিত্য খাকলাৰী হায় হায় আদি শ্ল গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ ৰাতিপুৱাৰ ভাগত ভাৰত-ভূটান সীমান্তৰ বিভিন্ন ঠাইত বন্ধ সমৰ্থকে বিভিন্ন যান-বাহনলৈ শিল দলিওৱাৰ দৰে দুই এটা বিক্ষিপ্ত ঘটনা ঘটে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷