গুৱাহাটী, সংবাদ ৩৬৫, ১০ জানুৱাৰী : পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৃষক নেতা অখিল গগৈক । ইফালে অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে খাদ্যৰ লগতে উপযুক্ত চিকিৎসা আগবঢ়াবলৈও নিৰ্দেশ দিয়ে আদালতে ।

উল্লেখ্য যে কৃষক নেতাগৰাকীক এন আই এৰ আদালতত শুকুৰবাৰে হাজিৰ কৰোৱা হৈছিল ।

উল্লেখ কৰিব পাৰি যে ১২ ডিচেম্বৰত অখিল গগৈক যোৰহাটৰ পৰা আৰক্ষীয়ে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকোতে গ্ৰেপ্তাৰ কৰাৰ পিছতে ১৪ ডিচেম্বৰত নিয়াই গগৈক মাওবাদী বুলি এজাহাৰ দাখিল কৰাৰ লগতে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দিয়ে । ইয়াৰ পাছতে নিয়াই ১৬ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰে অখিল গগৈক।