নামৰূপ, সংবাদ ৩৬৫, ১৮ ছেপ্টেম্বৰ: মংগলবাৰে পুৱাৰ ভাগত নামৰূপৰ জিতা চিনেমাহলৰ সমীপত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ গতিত অহা এন এল ০৫ডি – ৪১৬৩ নম্বৰৰ টেংকাৰ এখনে মহতিয়াই নিয়ে দুই মাতৃ পুত্ৰক। উল্লেখযোগ্য যে বিহাইভ অসম প্লাৱিক স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছয়বছৰীয়া ৰাজপল ফুকন আৰু মাতৃ মমী গগৈ ফুকন থিতাতে নিহত হয়। তাৰ পিছতই উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰে টেংকাৰ খন। লগতে দূৰ্ঘটনাস্হলীত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই অৱৰোধ কৰে ঐতিহাসিক ধোদৰ আলি পথ। এই দূৰ্ঘটনাক কেন্দ্ৰ কৰি মংগলবাৰে পুৱা নামৰূপত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে নামৰূপ অসম পেট্ৰকেমিলে লিমিটেডৰ মিথানল পৰিবাহী টেংকাৰ সমূহে চিনেমা হলটোৰ কাষতে থকা এটা চাৰ্ভিছিং চেণ্টাৰ লৈ গাড়ী ধুবলৈ আহি বিগত দিনসমূহত উক্ত স্থানত অবৈধ পাৰ্কিং কৰি ব্যাপক যান- যতৰ সূষ্টি কৰি আহিছিল যাৰ পৰিনাম স্বৰূপে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি দাবী জনাইছে স্থানীয় লোকে। ইফালে দূৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে টেংকাৰখনৰ চালকজন। আনহাতে নিহত মাতৃ পুত্ৰক মৰোণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।মাতৃ পুত্ৰৰ এই কৰুণ মৃত্যুয়ে এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে সাৰনগৰী নামৰূপত।