গোপাল প্ৰসাদ

কোকৰাঝাৰ

২১ ছেপ্টেম্বৰ

কোকৰাঝাৰত পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকাৰণৰ দাবীত উত্তাল প্ৰতিবাদ। প্ৰশাসনৰ অনুমতি লাভ নকৰাত ক্ষন্তেক সময়ৰ পিছতে প্ৰতিবাদ সামৰিব লগা হ’ল।

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকাৰণ প্ৰদানৰ দাবী তুলি আক্ৰাছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে সোমবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত থকা শিশু উদ্যানত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আক্ৰাছু জিন্দাবাদ, এছ টি নহ’লে ক্ষান্ত নহওঁ, আমাক পৃথক কমতাপুৰ ৰাজ্য লাগিবই, আমাক জনজাতিকাৰণ প্ৰদান কৰক, আমাৰ দাবী মানিবাই লাগিব আদি ধ্বনিৰে আকাশ বতাহ কপাই তুলে আক্ৰাছুৰ সদস্য সকলে। আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিবেস ৰয়ৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত শীঘ্ৰে কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী সকলৰ জনজাতিকাৰণৰ দাবী তুলি অসমৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰা হয়।

ইফালে প্ৰতিবাদী কাৰ্যসূচী তিনি ঘন্টীয়া আছিল যদিও জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ নকৰাত ক্ষন্তেক সময়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰি লবলগীয়া হয়।