মিৰ্জা

২১ ছেপ্টেম্বৰ

কৰ’ণা মহামাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি লকডাউন ঘোষণা কৰাত স্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশ। যান বাহনৰ চলাচলো স্তব্ধ হৈ পৰাত হ্ৰাস পাইছিল পথ দুর্ঘটনৰ ঘটনা। বৰ্তমান লকডাউন বহু ক্ষেত্ৰত শিথিলতা কৰি দিয়াৰ লগে লগে যান বাহনৰ যান-বাহনৰ চলাচল পুনৰ আৰম্ভ হোৱাত বৃদ্ধি পাবলৈ ধৰিছে পথ দুর্ঘটনা।

দক্ষিণ কামৰূপৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত সোমবাৰে দিনৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা যাত্ৰীবাহি এএছ-২৫-চিচি-০৭৮৬ নম্বৰৰ বাছ এখনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিত থকা এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত বাছখনত থকা আটাইকেইজন যাত্ৰী কম-বেছি পৰিমানে আহত হোৱাৰ লগতে ৩ জন যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ স্থানীয় কিছু ৰাইজৰ সহযোগত আঘাতপ্ৰাপ্ত যাত্ৰী সকলক উদ্ধাৰ কৰে। আঘাতপ্ৰাপ্ত আটাইকেইজনক যাত্ৰীকে মিৰ্জা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।