তাৰাবাৰী, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ: এটাৰ পাছত এটা দুৰ্ঘটনাই যেন ছানি ধৰিছে। ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আৱদ্ধ যন্ত্ৰ চালিত নাও ।এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা নিশ্চিত ভাৱে প্ৰাণ ৰক্ষা পৰিল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সোণতলিৰ পৰা বহৰি পাৰঘাটলৈ যোৱা এখন নাও। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সোণতলিৰ পৰা বহৰি পাৰঘাটলৈ বুলি যন্ত্ৰ চালিত নাওখন ৰাওনা হোৱাৰ পথত হঠাতে বিকল হৈ পৰিছিল নাওখন।শিশু, মহিলাকে ধৰি শতাধিক যাত্ৰীৰ লগতে আঠখনকৈ মটৰ চাইকেল, বহুকেইখন চাইকেল কঢ়িয়াই অনা নাওখনত সৃষ্টি হৈছিল আহুকালৰ। প্ৰাণৰ মমতাত কিংকৰ্তব্যবিমুঢ় হৈ পৰিছিল যাত্ৰী সকল।যাত্ৰাৰ সময়তে নাওখনৰ যন্ত্ৰ বিকল হোৱাত এঘন্টাতকৈও অধিক সময় ব্ৰহ্মপুত্ৰৰ বুকুতেই আৱদ্ধ হৈ থাকিল নাওখন। এনেদৰে এক নিশ্চিত মৃত্যুৰ আগমনি ক্ষণৰ উৎকণ্ঠাৰ পাছত নাওখনৰ গৰাকী আজিজুল (গাঁওবুঢ়া)ৰ ফোনৰ ভিত্তিত উদ্ধাৰৰ বাবে ঘটনাস্থলিত উপস্থিত হৈ বহৰি পাৰঘাটৰ আব্দুল কুদ্দুছ নামৰ নাৱৰীয়াজনে আৱদ্ধ হৈ থকা নাওখনৰ লগতে যাত্ৰী সকলোকো নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।উল্লেখনীয় যে বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ তথা তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহৰি পাৰঘাটৰ পৰা বহুসংখ্যক যন্ত্ৰচালিত নাও বিভিন্ন স্থানলৈ আৰু বিভিন্ন স্থানৰ পৰা বহৰি পাৰঘাটলৈ অনুজ্ঞাপত্ৰহীন ভাবে বছৰ বছৰ ধৰি চলি অহাৰ ফলত নৌকা যাত্ৰীৰ জীৱনৰ নিৰাপত্তা নোহোৱাৰ অভিযোগ বহু পুৰণি। বহৰিস্থিত সোণতলী-বহৰি-আলিকাষ পাৰঘাটত কোনো ধৰণৰ প্ৰশাসনৰ পহৰা বা তালাচী নথকাত পাৰঘাটটোৰে বিভিন্ন ধৰণৰ চোৰাং সামগ্ৰীও সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপিত হৈছে।আনহাতে আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ পৰাও যন্ত্ৰচালিত নাও সমূহ নিয়মীয়া ভাবে পৰীক্ষা নকৰাৰ ফলত শ-শ যন্ত্ৰচালিত নাও এই পাৰঘাটৰ পৰা বিনাদ্বিধাই চলা-চল কৰি আছে।অনুজ্ঞাপত্ৰৰ উপৰিও বহুসংখ্যক নাওৰ নাই বীমা আৰু চালকৰ অনুজ্ঞাপত্ৰ।যাৰ ফলত এই যন্ত্ৰচালিত নাওত যাত্ৰা কৰা যাত্ৰীসকলৰ জীৱনৰ কোনো নিৰাপত্তা নোহোৱা হৈছে। অনুজ্ঞাপত্ৰহীন যন্ত্ৰচালিত নাওৰ পৰাও লেচীয়ে নিতৌ ভাড়া সংগ্ৰহ কৰি আছে। লেচী আৰু অনুজ্ঞাপত্ৰহীন যন্ত্ৰচালিত নাওৰ মালিকৰ সৈতে একাংশ বিভাগীয় বিষয়ববীয়াৰ মাজত বুজাবুজি থকাৰো অভিযোগ উঠিছে ।নহ’লে বহুসংখ্যক যন্ত্ৰচালিত নাও এই পাৰঘাটত কেনেকৈ চলাচল কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন হৈছে।সম্প্ৰতি লক্ষ্যণীয় হ’ব অবৈধভাবে তথা নীতি বহিৰ্ভূতভাৱে যাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এই ব্যক্তি বিশেষৰ বিৰুদ্ধে প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে? নে বছৰ বছৰ ধৰি এনেকৈয়ে চলি থাকিব এই যন্ত্ৰচালিত নাওসমূহ ? তাৰোপৰি নাওসমূহত অত্যধিক বোজা বিপদ সংকুল ভাবে এই পাৰঘাটৰে কঢ়িয়াই থকাৰ পাছত প্ৰশাসনে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে নে নাই সেয়াহে লক্ষ্যণীয় হব।