আব্দুল হক

নগৰবেৰা

২৭ ছেপ্টেম্বৰ

বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক, গৃহ বিভাগৰ সংসদীয় সচিব তথা চৰ উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জা আৰু নাই৷ প্ৰাক্তন মন্ৰী গৰাকী দীৰ্ঘদিন ধৰি মধুমেহ আৰু বৃক্ক জনিত ৰোগত ভূগি আছিল। অৱশেষত গুৱাহাটীৰ ইন্টাৰনেশ্যনেল হস্পিতালত সংকটজনক অৱস্থাত আইচিইউত চিকিতসাধীন অৱস্থাত শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।

চৰাঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰয়াত দিলদাৰ ৰেজ্জাই ১৯৯১ চনত অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ৪৫ নম্বৰ বাঘবৰ সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে জয়লাভ কৰি হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰী সভাত চৰ উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০০১ আৰু ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত ক্ৰমাগতভাৱে দ্বিতীয় আৰু তৃতীয় বাৰৰ বাবে পুনৰ দিলদাৰ ৰেজ্জাই বাঘবৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷ ২০০৬ বৰ্ষত দিলদাৰ ৰেজ্জা তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী সভাত গৃহ বিভাগৰ সাংসদীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল৷ ২০০৬ বৰ্ষত তৃতীয় বাৰৰ বাবে বাঘবৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ গৃহ বিভাগৰ সাংসদীয় সচিব পদ অলংকৃত কৰিলেও তৃতীয়টো কাৰ্যকালৰ অধিক সময় দিলদাৰ ৰেজ্জাই স্বাস্থ্যজনিত সমস্যাত ভূগি থাকে৷

বহল হৃদয়ৰ নেতা হিচাপে পৰিচিত দিলদাৰ ৰেজ্জাৰ বাকপটুতা তথা দয়ালু প্ৰভৃতি গুণে সমষ্টিৰ কংগ্ৰেছী মহলৰ লগতে বৰপেটাবাসীৰ মাজত খুবেই জনপ্ৰিয়। মানৱ দৰদী দিলদাৰ ৰেজ্জা, উচ্চশিক্ষিত নহ’লেও শিক্ষা আৰু শিক্ষানুষ্ঠান গঢ়নৰ প্ৰতি যথেষ্ট আন্তৰিকতা আছিল৷ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃত্যুত বাঘবৰ সমষ্টিৰ লগতে সমগ্ৰ চৰাঞ্চলবাসী শোকত মৃয়মান।