গুৱাহাটী

২৭ ছেপ্টেম্বৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ তদন্ত চলি থকাৰ মাজতে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি ল’লে প্ৰদীপ কুমাৰে। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা সুচাৰুৰূপে অনুস্থিত কৰাত নিজৰ ব্যৰ্থতাৰ স্বীকাৰ কৰি কৰে আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে প্ৰদীপ কুমাৰে।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ তদন্ত আৰক্ষীয়ে অধিক তীব্রতৰ কৰি এই ঘটনাৰ লগত জড়িত কেইবাগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জালত এটাৰ পিছত আনটো অভিযুক্ত পৰিছে যদিও প্ৰশ্ন কাকত ফাদিলৰ মূল অভিযুক্ত হিচাপে চিহ্নিত প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্ত আৰু বিজেপি নেতা দিবন ডেকা বৰ্তমানেও পলাতক অৱস্থাত আছে। অসম আৰক্ষীৰ চাকৰিৰ প্ৰশ্ন কাকত ফাদিল এই বৃহৎ কেলেংকাৰীৰ এটাৰ পিছত আনটো তথ্য পোহৰলৈ অহাৰ মাজতে এক প্ৰেছ বিবৃত্তি যোগে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিলে প্ৰদীপ কুমাৰে। প্ৰদীপ কুমাৰে বিবৃত্তি যোগে কয় যে অসম চৰকাৰে মোৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছিল। মই সম্পূৰ্ণ স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে সততা, নিষ্ঠা আৰু দায়বদ্ধ তাৰে দায়িত্ব পালন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰালহিছিলো যদিও এক দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত আৰক্ষী উপ-পৰিদৰ্শকৰ পদৰ চাকৰিত বিসংগতি সংঘটিত হ’ল। ইয়াৰ বাবে পৰীক্ষাত অৱতীর্ণ হোৱা প্ৰাৰ্থীসকল আশাহত হােৱাৰ লগতে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ল। ইয়াৰ বাবে পৰীক্ষাত অৱতীর্ণ হোৱা প্ৰাৰ্থীসকল আশাহত হােৱাৰ লগতে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ল। মই তাৰবাবে প্রার্থীসকলৰ লগতে তেওলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো। মোৰ চাকৰি জীৱনৰ সুদীর্ঘ কালছােৱাত মই কোনো দিনে এনে ব্যর্থতাৰ সন্মুখীন হোৱা নাছিলো।’  অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা সূচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰৰ বাবে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি অসম আৰক্ষীৰ নিযুক্তি ব’র্ডৰ অধ্যক্ষ পদৰ পৰা প্ৰদীপ কুমাৰে পদত্যাগ কৰে।

ইফালে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে শনিবাৰে এক প্ৰেছ বিবৃত্তি যোগে প্ৰশ্ন কাকত ফাদিল ঘটনাৰ তদন্তৰ বাবে নিযুক্তি বৰ্ডৰ অধ্যক্ষক তদন্তৰ আওতালৈ আনৰ লগতে দুৰ্নীতিতলিপ্ত বিষয়া, কৰ্মচাৰী আৰু পৰীক্ষাৰ্থী সকলক আটক কৰি ন্যায়াধীশৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়াৰ দাবী জনায়।