গুৱাহাটী

২৩ নৱেম্বৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি। সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিশেষ বিমানযোগে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

কৰ’ণা ভাইৰাছত আক্রান্ত হৈ বিগত তিনি মাহ ধৰি চিকিৎসাধীন অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। প্ৰথম অৱস্থাত কৰ’ণা যুদ্ধত জয় হৈ ঘৰলৈ উভতি গৈছিল যদিও কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শাৰীৰিক অৱস্থা অতিকৈ শোচনীয় হৈ পৰাত পুনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক চিকিৎসলায়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে যোৱা শনিবাৰে দুপৰীয়াৰ ভাগৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা অতিকৈ সংকটজনক হৈ পৰাত মেচনিকলে ভেন্টিলেশ্যনত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শৰীৰৰ অংক সমূহে কাম কৰা বন্ধ কৰি দিয়াত দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বৃক্ক ৬ ঘণ্টা ধৰি চিকিৎসকে ডাইলেছিল কৰিছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৱস্থা সংকটজনক হৈ পৰাৰ পিছৰে পৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঘনাই চিকিৎসালয়ত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লৈ থকা দেখিবলৈ পোৱা গৈছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সঘনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিকিৎসাৰ দায়িত্বত থকা গুৱাহাটী চিকিৎসাৰ মহাবিদ্যালয় হস্পিতালৰ চিকিৎসকৰ দলৰ লগত যোগাযোগ স্থাপন কৰি ৰাখিছে। ইফাকে সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটি সংকটজনক হৈ পৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে। মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱাল ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ যাত্রা কৰা বুলিও জানিব পৰা গৈছে।

জনসংযোগ বিভাগৰ টুইটত প্ৰকাশ কৰা হৈছে যে “প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সকলো চৰকাৰী কাৰ্যসূচী বাতিল। ডিব্ৰুগড়ৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী গৰাকী”।