বাহাৰুল ইছলাম

২৩ নৱেম্বৰ

ধাৰাবাহিক ভাৱে ৰাজ্যখনৰ তিনিটা কাৰ্যকালৰ মূখ্যমন্ত্ৰী তৰুণ গগৈ। সফল ৰাজনীতিবিদ হিচাপে তিনিওটা কাৰ্যকাল সম্পূৰ্ণ কৰিছিল গগৈয়ে। মাত্ৰ দুটা নিৰ্বাচিনত পৰাজিত হৈছিল তৰুণ গগৈ। ইয়াৰ বাহিৰে সাংসদ হিচাপে ছয়বাৰ আৰু বিধায়ক হিচাপে পাঁচবাৰ জয়লাভ কৰিছিল তৰুণ গগৈ।

জনতাৰ নেতা তৰুণ গগৈ ১৯৬৮ চনতে যোৰহাট পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ১৯৭১, ১৯৭৭ আৰু ১৯৮৩ চনৰ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা ধাৰাবাহিক ভাৱে কংগ্ৰছৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল। ১৯৭৭ চনত তৰুণ গগৈয়ে এ আই চি চিৰ যুটীয়া সম্পাদক পদত অধিষ্ঠিত হয়। ১৯৮৫ চনত তৰুণ গগৈয়ে এ আই চি চিৰ সাধাৰণ সম্পাদক পদত নিযুক্তি লাভ কৰিছিল। অৱশ্যে ১৯৮৫ চনত তৰুণ গগৈক কলিয়াবৰ লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে। সেই নিৰ্বাচনত অগপৰ প্ৰৱল ঢৌ আৰু ইউ এম এফৰ ভোট বিভাজনৰ বাবেই তৰুণ গগৈ অগপ প্ৰাৰ্থী ভদ্ৰেশ্বৰ তাঁতীৰ হাতত পৰাজিত হয়। ১৯৮৫ ত ৰাজ্যত কংগ্ৰেছে ক্ষমতা হেৰুৱাৰ পিছতেই গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৯০ চনলৈ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।

১৯৯১ ৰ লোকসভা নিৰ্বাচনত তৰুণ গগৈয়ে কলিয়াবৰত জয়লাভ কৰি পি ভি নৰসিংহ ৰাও মন্ত্ৰী সভাত ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীত্ব লাভ কৰে। ১৯৯৫ চনলৈ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৬ চনৰ নিৰ্বাচনত তিৱাৰী কংগ্ৰেছৰ ভোট বিভাজনৰ তৰুণ গগৈয়ে মাত্ৰ ১৬১০ টা ভোটাৰ ব্যৱধানত পৰাজিত হয় কলিয়াবৰত। যদিও সেই বৰ্ষতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হয় সফল নেতা গৰাকী। তদুপৰি ১৯৯৬ চনতেই তৰুণ গগৈয়ে মাৰ্ঘেৰিটাৰ উপ নিৰ্বাচনত জয়লাভ কৰি তৰুণ গগৈয়ে প্ৰথম বাৰ অসম বিধানসভাত প্ৰৱেশ কৰে।

১৯৯৮ আৰু ১৯৯৯ চনৰ লোক সভাৰ দুটাকৈ মধ্যবৰ্তী কালীন নিৰ্বাচনত কলিয়াবৰৰ পৰা অভিলেখ সংখ্যক ভোটত জয়লাভ কৰে। ২০০১ ৰ বিধান সভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছ ক্ষমতালৈ প্ৰত্যাবৰ্তন কৰে তৰুণ গগৈ মূখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। মূখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈয়েই অভিজ্ঞ নেতা গৰাকীয়ে কৰ্মচাৰীৰ অনিয়মীয়া দৰমহা নিয়মীয়াকৈ আদায় দিবলৈ সক্ষম হয়। তদুপৰি ৰাজ্যৰ বিধ্বস্ত হৈ পৰা অৰ্থনীতিও গগৈৰ বাবেই পূনৰুদ্ধাৰ হয়। ৰাজ্যখনৰ অৱনতি ঘটা আইন শৃংখলা জনিত সমস্যা উন্নত কৰি গগৈয়ে নিজৰ দক্ষতাৰ পৰিচয় দিছিল।

আনহাতে ২০০৫ ত ৰাজ্যৰ ৰাজনীতিত এ আই ইউ ডি এফ ভূমিষ্ঠ হোৱাৰ পিছত ২০০৬ ৰ বিধান সভা নিৰ্বাচনত বি পি এফৰ সহায় লৈ কংগ্ৰেছক পূনৰ ক্ষমতাত অধিষ্ঠিত কৰি তৰুণ গগৈয়ে দিছিল ৰাজনৈতিক বিচক্ষণতাৰ প্ৰমাণ। ২০১১ ৰ নিৰ্বাচনত ৭৮ খন আসন দখলেৰে কংগ্ৰেছক তৃতীয়টো কাৰ্যকালৰ বাবে ক্ষমতাত অধিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল তৰুণ গগৈ। অৱশ্যে ২০১৬ ৰ নিৰ্বাচনত বি জে পিয়ে ৰাজ্যত ক্ষমতা নিজৰ হাতলৈ নিবলৈ সক্ষম হলেও তৰুণ গগৈয়ে তিতাবৰৰ কংগ্ৰেছৰ দূৰ্গ অক্ষত ৰাখিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত

উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰক অধিক পূঁজিৰ আৱন্টন আদায় কৰি ৰাজ্যৰ আন্তঃগাথনিৰ ব্যাপক উন্নয়ন সাধন কৰিছিল। ৰাজ্যৰ আইন শৃংখলা গগৈয়ে নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল। আলফা, বড়ো আৰু আৰু ডিমা হাছাও জিলাৰ উগ্ৰপন্থী সংগঠন সমূহ আলোচনাৰ মেজত বহিছিল গগৈৰ কাৰ্যকালতেই।