আজিজ আলী 

নলবাৰী

২৪ ফেব্ৰুৱাৰী

পদুম এৰি হাত ধৰিলে বিজেপি কৰ্মীয়ে। নলবাৰী জিলাৰ কাপলাবড়ীত শতাধিক সক্ৰিয় বিজেপি কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যোগদান কৰে।

বুধবাৰে এই যোগদান সভাত আগন্তুক দিনত বৰক্ষেত্ৰীৰ লগতে  সমগ্ৰ অসমত কংগ্ৰেছৰ নেতৃত্বত মহাজোটৰ চৰকাৰ হ’ব বুলি দাবী কৰে কংগ্ৰেছৰ নেতা দিগন্ত বৰ্মণে। উল্লেখ্য যে কুৰিহামাৰী চৰৰ আতোৱাৰ ৰহমানৰ নেতৃত্বত কাপলাবড়ীস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মণৰ বাসগৃহত বুধবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এক যোগদান সভা। সভাত বিজেপি দলৰ শতাধিক সক্ৰিয় কৰ্মীয়ে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে।

বিজেপি ত্যাগ কৰি নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা কর্মী সকলে উৎফুল্লিত হৈ কংগ্ৰেছ জিন্দাবাদ, দিগন্ত বৰ্মণ জিন্দাবাদ, ভূমিধৰ বৰ্মণ জিন্দাবাদ ধ্বনিৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মণৰ কাপলাবড়ীস্থিত বাসগৃহ উত্তাল কৰি তোলে। কংগ্ৰেছলৈ অহা বিজেপিৰ কর্মী সকলে ৰাজ্যৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰে।