মাণিকপুৰ, সংবাদ ৩৬৫, ১২ আগষ্ট : ২০১৭-১৮ বৰ্ষত পৱিত্ৰ মক্কাত হজব্ৰত পালনৰ বাবে এইবেলি অসমৰ নিউজ লাইভৰ সাংবাদিক সহ সমগ্ৰ বিশ্বৰ ১ কৌটি ২৭ লাখ হজযাত্ৰী পবিত্ৰ মক্কাত উপস্থিত হৈছে। ইয়াৰে কেবা লাখ হজযাত্ৰী মদিনাত ৪০ ওয়াক্ত নামাজ আদায় কৰাৰ বাবে বিভিন্ন হোটেল সমুহত আশ্ৰয় লৈছে যদিও ১৯ আগষ্টৰ পুৰ্বেই সকলো হজযাত্ৰী মক্কাত হজব্ৰত পালনৰ বাবে উপস্থিত হ’ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে ইণ্ডোনেছিয়াৰ ২ লাখ ২১ হাজাৰ, পাকিস্তানৰ ১ লাখ ৭৯ হাজাৰ, ভাৰতৰ ১ লাখ ৭০ হাজাৰ, বাংলাদেশৰ ১ লাখ ২৭ হাজাৰ, ইজিপ্তৰ ১ লাখ ৮ হাজাৰ, ইৰানৰ ৮৬ হাজাৰ ৫ শ, নাইজেৰিয়াৰ ৭৯ হাজাৰ, তুৰ্কীৰ ৭৯ হাজাৰ, আলজেৰিয়াৰ ৩৬ হাজাৰ, আৰু মৰক্কোৰ পৰা ৩১ হাজাৰ হজযাত্ৰী মক্কাত উপস্থিত হৈছে। জানিব পৰা মতে মক্কাৰ আজিজীয়া আৰু গ্ৰীনত থকা কেইবা হাজাৰ হোটেলত হজযাত্ৰী সকল আশ্ৰয় গ্ৰহণ কৰিছে। অহা জিলহজ মাহৰ ৮ তাৰিখ অৰ্থাৎ ১৯ আগষ্টৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে হবলগীয়া হজব্ৰত পালনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে বিশ্বৰ হাজী সকলে। এইক্ষেত্ৰত চৌদি আৰৱৰ ৰজাৰ তৎপৰতাত পুলিচ বাহিনীও সষ্টম কৰি তোলা হৈছে। বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা হজযাত্ৰী সকল যাতে নিৰাপদে হজব্ৰত আদায় কৰিব পাৰে তাৰ বাবে চৌদি চৰকাৰে চাৰিওফালে চোকা দৃষ্টি ৰাখি হজযাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে বিশ্বৰ হজযাত্ৰী সকলে আজিজীয়াত আয়শা ছিদ্দিক মছজিদত ২ ৰাকাত নফল নামাজ পঢ়ি ওমৰা হজ আদায় কৰাৰ বাবে পবিত্ৰ মক্কাৰ কাবা শ্বৰিফৰ চাৰিওফালে ৭ বাৰ কৈ তোৱাফ কৰা, চাফা মাৰোৱা দৌৰা আদি কৰি হজৰ প্ৰাথমিক পৰ্য্যায়ৰ কাম শেষ কৰি হজব্ৰত পালনৰ বাবে সাজু হৈছে। হজব্ৰত পালনৰ কাৰ্যসূচী অনুসৰি জিলহজ মাহৰ ৮ তাৰিখত প্ৰথমে ইহৰাম পৰিধান কৰি ২ ৰাকাত নফল নামাজ পঢ়া, তাৰ পিছত হজৰ বাবে নিয়ত কৰা, ঘনাই তলবিয়াহ পাঠ কৰা, জোহৰৰ নামাজৰ পুৰ্বে মিনালৈ যোৱা, মিনাত জোহৰ, আচৰ, মাগৰিব আৰু এশ্বাৰ নামাজ আদায় কৰা, তাৰ পিছত মিনাত ৰাতি থকা। ৯ তাৰিখত মিনাত ফজৰৰ নামাজ পঢ়ি আৰাফাত লৈ ৰাওনা হোৱা আৰু তাত জোহৰ, আছৰৰ নামাজ একেলগে পঢ়া, সূৰ্য্য উঠা লৈকে আৰাফাতত থাকি সূৰ্য উঠাৰ পিছত মুজদালিফা লৈ গৈ তাত এক আজান আৰু এক আকামতত মাগৰিব আৰু এশ্বাৰ নামাজ একেলগে পঢ়ি ৰাতি কটাই ৪৯ টা সৰু পাথৰ সংগ্ৰহ কৰি ৰখা। ১০ তাৰিখত ফজৰৰ নামাজ আদায় কৰি পুনৰ মিনা লৈ গমন কৰা। তাৰ পিছত জন্তুু কোৰবানী দি চুলি খুৰোৱা, ইহৰাম খুলি দি মছজিদ আল হাৰাম শ্বৰিফ লৈ যোৱা। তাত তোৱাফ ও জিয়াৰত কৰা, মকাম-ই-ইব্ৰাহিমৰ ওচৰত ২ ৰাকাত নফল নামাজ আদায় কৰা, জমজমৰ পানী পান কৰা, তাৰ পিছত মিনালৈ গৈ ৰাতিটো কটোৱা। ১১ তাৰিখত জামাৰত লৈ গৈ হজৰ নিয়ম নীতি পালন কৰি চয়তান লৈ ৭ টা পাথৰ নিক্ষেপ কৰা। ১২ তাৰিখত জামাৰত লৈ গৈ সৰু, মজলীয়া আৰু ডাঙৰ চয়তান লৈ পৰ্য্যয় ক্ৰমে ৭ টা কৈ পাথৰ দলিওৱা তাৰ পিছত সূৰ্য্য উঠাৰ আগতেই মক্কা লৈ গৈ তোৱাফ-ই -জিয়াৰত কৰা। জানিব পৰা মতে যোৱা ১৪ জুলাইৰ পৰা ২২ জুলাই লৈ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে চৌদি আৰৱৰ মক্কা-মদিনা বিমানবন্দৰত অসমৰ ৩৪০১ হজযাত্ৰী উপস্থিত হৈ ইতিমধ্যে মদিনাত ৪০ ওয়াক্ত নামাজ সম্পন্ন কৰি হজব্ৰত পালনৰ বাবে আটাইকেইজন হজযাত্ৰী মক্কাত উপস্থিত হৈছে। অসমৰ নিউজ লাইভৰ সাংবাদিক আব্দুল হাইয়েও পবিত্ৰ মক্কাত হজব্ৰত পালনৰ বাবে যাবতীয় কামকাজ প্ৰায় সম্পন্ন কৰি তুলিছে। অসমৰ হজযাত্ৰীৰ কাষত থিয় হৈ সাংবাদিক গৰাকীয়ে হাজী সকলৰ থকা-মেলা, বেমাৰ আজাৰ আদি কৰি আন আন সমস্যা সমুহৰ খবৰ লৈ অসম চৰকাৰ তথা অসম ৰাজ্যিক হজ কমিটিৰ কাৰ্যকৰী সভাপতি নেকিবুৰজামানৰ দৃষ্টি গোচৰ কামনা কৰি প্ৰত্যেক গৰাকী হাজীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে।