বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ১২ আগষ্ট: শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী গাঁও পঞ্চয়তৰ বিহালী উন্নয়ন খণ্ড বিষয়া, অভিযন্তাকে ধৰি মূল বিষয়া কৰ্মচাৰী সকল প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ হিতাধীকাৰীৰ ঘৰত নিশাৰ আলহী হৈ কটালে। হিতাধীকাৰীৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰি বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ম: হবিবুৰ ৰহমানে নিশা কটালে বিহালী উন্নয়ন খণ্ডৰ অধীনৰ বৰালিমৰা গাওঁ পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীন)ৰ হিতাধিকাৰী দুলবু মুণ্ডা গৃহত, ইফালে বিহালী উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা কুশল বৰাই নিশাটো কটালে বৰগাং গাওঁ পঞ্চায়তৰ হিতাধিকাৰীক পুতলি মুণ্ডা, কনিষ্ঠ অভিযন্তা প্ৰদীপ কুমাৰ বৰুৱাই নিশা বাহৰ পাতিলে বৰগাং গাওঁ পঞ্চায়তৰ অধীনৰ ৰাজা দাসৰ বাসগৃত ইফালে, উন্নয়নটো জ্যেষ্ঠ গাণিতিক বিষয়া চাহাৱ পেগুৱে নিশা কটালে কাৰ্টিক কৰ্মকাৰ গৃহত। উন্নয়ন খণ্ডটোৰ কেইগৰাকী বিষয়াই হিতাধিকাৰী সকলৰ গৃহত নিশাটো থাকি বিভিন্ন অভিজ্ঞতা লাভ কৰাৰ লগতে হিতাধিকাৰী সকলৰ অসুবিধা সমুহ নিজা নিজা বহিত লিপিবদ্ধ কৰি চৰকাৰৰ গৃহলৈ প্ৰেৰণ কৰা হ’ব বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীন)ৰ হিতাধিকাৰী সকলে এনেদৰে চৰকাৰী বিষয়া সকল তেওঁলোকৰ মৰমৰ ঘৰখনত থকাত আনন্দ প্ৰকাশ কৰে। একাংশই ৰাইজক পৰিৱৰ্তন দেখুৱাই বা বা ল’বলৈ চেষ্টা কৰা বিজেপি চৰকাৰৰখনৰ এনে কাৰ্যক কঠোৰ সমালোচনা কৰাৰ লগতে নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সকীয়নি দিছে চৰকাৰৰ খনক।