মুৰফুলনি, ১৩ ডিচেম্বৰঃ মৰঙিৰ বগীধলা চাহ বাগিচাত প্ৰাপ্য বিচাৰি যোৱা শ্ৰমিকৰ ওপৰত বাগিচাৰ মালিকে গুলিচালনা কৰাত পৰিস্থিতি উত্তপ্ত হৈ আছে। বগীধলা চাহ বাগিচাৰ কৰ্তৃপক্ষই কৰ্মৰত শ্ৰমিকসকলক বিগত ৩৫ বছৰ ধৰি পিএফৰ ধন প্ৰদান নকৰা আৰু যোৱা দুমাহ ধৰি বাগিচাৰ শ্ৰমিকসকলক ৰেচন প্ৰদান নকৰাৰ লগতে পূজাৰ ব’নাছ প্ৰদান নকৰাত শ্ৰমিক সকলৰ মাজত অসন্তুষ্টি সৃষ্টি কৰিছিল। ইয়াৰ লগতে বাগিচাখনৰ শ্ৰমিকসকলক বাগিচাখনত উপযুক্ত চিকিৎসা সেৱা আৰু খোৱা পানীৰ লগতে অন্যান্য সুবিধাৰ পৰাও বঞ্চিত হৈ আছিল। বিভিন্ন সময়ত চাহ শ্ৰমিকসকলৰ লগতে বিভিন্ন দল সংগঠনসমূহে বাগিচাখনৰ মালিকক শ্ৰমিকসকলক উপৰোক্ত ব্যৱস্থাৰ বাবে দাবী জনাই আহিছিল। কিছুদিন পূৰ্বে শ্ৰমিকসকলে নিজৰ দাবীসমূহ লৈ বাগিচাখনত প্ৰতিবাদও কৰিছিল। শ্ৰমিকসকলৰ প্ৰতিবাদত বাগিচাৰখনৰ কৰ্তৃপক্ষই ১২ ডিচেম্বৰৰ ভিতৰত ১৬% ব’নাচ প্ৰদান কৰাৰ ঘোষণা কৰিছিল। কিন্তু বগীধলা চাহ বাগিচা কৰ্তৃপক্ষই ১২ তাৰিখে  ব’নাচ প্ৰদান নকৰাত ১৩ তাৰিখে প্ৰায় ৩০ জন মান শ্ৰমিকে নিজা প্ৰাপ্য বিচাৰি মালিকৰ বাংলাত প্ৰৱেশ কৰে। শ্ৰমিকসকল বাংলাত প্ৰৱেশ কৰাৰ লগে লগে বাংলাৰ ওপৰ মহলৰ পৰা সুধিৰ ৰয় আৰু তলৰ মহলৰ পৰা সমীৰ ৰয়ে প্ৰাপ্য বিচাৰি অহা শ্ৰমিক সকলৰ ওপৰত ধাৰাসাৰ গুলিবৰ্ষণ কৰে। এই গুলিবর্ষৰ ফলত বাগিচাখনৰ দহজনকৈ শ্ৰমিক আঘাতপ্ৰাপ্ত  হয়। আঘাতপ্ৰাপ্ত শ্ৰমিকসকল হল ক্ৰমে বিকাশ নায়ক, জিতেন কুন্ধ, ভাৰত তেঁওলা, ৰামলাল নায়ক, লুকাছ কুন্ধা, সুনীল ভুমিক, জামুন তেলী, শংকু তেঁওলা আৰু গৌতম কুমাৰ। আহত শ্ৰমিক সকলক চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসা লৈ প্ৰেৰণ কৰা হয়।আনহাতে এই ঘটনাৰ খবৰ বাগিচাখনত বনজুইৰ দৰে বিয়পি পৰাত শ্ৰমিকসকল উত্তেজিত হৈ হাতত দা কুঠাৰ  লৈ বাগিচাখনৰ বাংলো ঘেৰাও কৰাৰ লগতে পথৰ দাঁতিত থকা গছ কাটি বাংলোৰ সংযোগী পথ বন্ধ কৰি দিয়ে। শ্ৰমিকসকলে বাগিচাখনৰ কলঘৰৰ সন্মুখত টায়াৰ জ্বলাইও প্ৰতিবাদ কৰে। পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বে ঘটনাস্থলীত আৰক্ষী অধীক্ষকসহ চিআৰপিএফ বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আৰক্ষীয়ে  বগীধলা চাহ বাগিচাৰ মালিক সুবিৰ ৰয় আৰু সমীৰ ৰয়ক গেপ্তাৰ কৰে।