গুৱাহাটী, ১৩ ডিচেম্বৰঃ মহানগৰী গুৱাহাটীৰ  জিএচ ৰোডৰ কিৰণশ্ৰী হোটেলৰ সন্মুখত বুধবাৰে সংঘটিত হয় এক ডকাইতিৰ ঘটনা। স্কুটীতৰে আহি দুজন দুৰ্বৃত্তই এজন ব্যক্তিৰ পৰা ৭ লাখ টকা থপিয়াই লৈ যায়। সঞ্জয় ঝা নামৰ ব্যক্তিজন খ্ৰীষ্টানবস্তিৰ ষ্টেট বেংক শাখাৰ পৰা ৭ লাখ টকা ওলিয়াই আনোতে সংঘটিত হয় এই ডকাইতি।  সঞ্জয় ঝা আঠগাওঁৰ সাগৰ ইণ্ড্ৰাষ্টীজৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। দিছপুৰ আৰক্ষীয়ে এই ডকাইটি কাণ্ডত লগত জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰিছে। আটক কৰা লোক দুজন ক্ৰমে সোধা পোচা অব্যাহত ৰাখিছে দুজন ক্ৰমে অমিত দাস আৰু ৰাজ দাস। দুয়োজন লোকৰ ঘৰ কোচবিহাৰৰ বাবুপাৰাত বুলি আৰক্ষীয়ে জানিব দিয়ে।